ৱাশ্বিংটন, ১২ ডিচেম্বৰ (হি.স.)। এফ বি আইৰ সঞ্চালক ক্রিষ্টোফাৰ ৰেয়ে পদ এৰাৰ ঘোষণা কৰি কয় যে বাইডেনৰ কাৰ্যকাল শেষ হোৱাৰ পিছত জানুৱাৰী মাহত তেওঁ নিজৰ পদ এৰিব। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাছ পেটেলক এফ বি আইৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ এসপ্তাহৰ পাছত ক্রিষ্টোফাৰ ৰেয়ে এই ঘোষণা কৰিছে ৷
বুধবাৰে এফ বি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত পদত্যাগ ঘোষণা কৰি ক্রিষ্টোফাৰে কয় যে পদত্যাগ কৰাৰ সিদ্ধান্ত তেওঁৰ বাবে সহজ নাছিল ৷ এই স্থানটি মই ভাল পাওঁ আৰু মোৰ কামটোও ভাল পাওঁ, কিন্তু মোৰ মনোযোগ সদায় এফ বি আইৰ বাবে কি উপযুক্ত সেইটোৰ ওপৰতহে আছিল।
ৰেৰ পদত্যাগ ঘোষণাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এটা পোষ্ট শ্বেয়াৰ কৰি আমেৰিকাৰ বাবে এটা ভাল দিন বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত আমেৰিকাৰ ‘অন্যায় বিভাগ’ৰ অস্ত্ৰ-শস্ত্ৰকৰণ বন্ধ হ’ব। তেওঁ কয় যে এতিয়া আমি সকলো আমেৰিকান লোকৰ বাবে আইনৰ শাসন পুনৰ ঘূৰাই আনিম। ট্ৰাম্পে কয় যে ৰেৰ নেতৃত্বত এফ বি আইয়ে “অকাৰণ নোহোৱাকৈ মোৰ ঘৰত অবৈধভাৱে অভিযান চলাই অবৈধভাৱে মোক অভিযোগনামা দাখিল কৰি দোষী সাব্যস্ত কৰে।”
মন কৰিবলগীয়া যে ক্রিষ্টোফাৰ ৰেৰ এফ বি আইৰ সঞ্চালক হিচাপে দহ বছৰীয়া কাৰ্যকালত এতিয়াও তিনি বছৰ বাকী আছে। ট্ৰাম্পে যেতিয়া কাছ পেটেলক এফ বি আইৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল তেতিয়া ক্রিষ্টোফাৰে সময়ৰ পূৰ্বেই পদত্যাগ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল । অৱশ্যে ট্রাম্পে শপত লোৱাৰ পিছতহে তেওঁ পদত্যাগ কৰিব বুলি ধাৰণা কৰা হৈছিল ৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া