স্পেইনত চলি থকা ‘হাউছফুল ৫’ৰ শ্বুটিংৰ সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই ছবিখনৰ শ্বুটিং বন্ধ কৰা হয়। শ্বুটিঙৰ সময়ত একচন ছিন কৰি থকা অৱস্থাত অক্ষয় কুমাৰৰ চকুত আঘাত পায়। এই ঘটনাৰ লগে লগে চেটলৈ এজন চকুৰ চিকিৎসকক মাতি অনা হয়। কিছু সময়ৰ বাবে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে অভিনেতাগৰাকীক। ছবিখনৰ শ্বুটিং চূড়ান্ত পৰ্যায়ত থকাৰ বাবে আন সহ অভিনেতাসকলেও শ্বুটিং আৰম্ভ কৰা বুলিও প্ৰকাশ পাইছে।
এই ছবিখনৰ প্ৰথম চাৰিখন ছিকুৱেল ছুপাৰহিট আছিল যদিও আগন্তুক অংশটো কেনেকুৱা হ’ব সেই বিষয়ে দৰ্শকৰ কৌতুহল। বহু চৰ্চিত আৰু বহু অভিনেতা ছবি ‘হাউছফুল-৫’ মুক্তি পাব ২০২৫ চনৰ ৬ জুনত। ৱেলকামৰ পিছত বহু বছৰৰ মূৰত একেলগে দেখা যাব অক্ষয় কুমাৰ আৰু নানা পাটেকাৰ। সাজিদ নাদিয়াদৱালাৰ প্ৰযোজনা ‘হাউছফুল ৫’ত থাকিব প্ৰবীণ অভিনেতাৰ সেনাবাহিনী। ইয়াত দেখা যাব অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, শ্ৰেয়াছ তালপাদে, সঞ্জয় দত্ত, অভিষেক বচ্চন, জেকী শ্ৰফ, নৰ্গিছ ফাখৰী, নানা পাটেকাৰ, চাংকি পাণ্ডে, জনী লিভাৰ, ডিনো মৰেয়াৰ দৰে শক্তিশালী তাৰকা অভিনেতা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া