ভাবুকিৰ মাজতে শ্বুটিঙৰ বাবে হায়দৰাবাদত উপস্থিত ছলমান খান
বলীউডৰ ভাইজান বৰ্তমান তেওঁৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামা দখল কৰিছে। অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আছে ছলমান খানে। যদিও তেওঁ নিজৰ কামত ব্যস্ত। ‘বিগ বছ-১৮’ৰ শ্বুটিং কৰাৰ পিছত তেওঁ ‘চিকন্দৰ’ৰ শ্বুটিঙো আৰম্ভ কৰিছে। শেহতীয়াকৈ হায়দৰাবাদত উপস্থ
ছালমান খান ফাইল ফটো


বলীউডৰ ভাইজান বৰ্তমান তেওঁৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামা দখল কৰিছে। অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আছে ছলমান খানে। যদিও তেওঁ নিজৰ কামত ব্যস্ত। ‘বিগ বছ-১৮’ৰ শ্বুটিং কৰাৰ পিছত তেওঁ ‘চিকন্দৰ’ৰ শ্বুটিঙো আৰম্ভ কৰিছে। শেহতীয়াকৈ হায়দৰাবাদত উপস্থিত হৈছে ছলমান খান ‘চিকন্দৰ’ৰ শ্বুটিঙৰ বাবে।

২০২৫ চনৰ ঈদত মুক্তি পাবলগীয়া ছবি ‘চিকন্দৰ’ৰ শ্বুটিং হায়দৰাবাদৰ তাজ ফালাকনুমা পেলেচত চলি আছে। ‘চিকন্দৰ’ ছবিখনৰ শ্বুটিংৰ এদিন পূৰ্বে হায়দৰাবাদত উপস্থিত হৈছে ছলমান খান। তাজ ফালাকনুমা প্ৰাসাদ এক ঐতিহাসিক স্থান। এই ঐতিহাসিক ঠাইখন ছলমানৰ বাবে অতি বিশেষ কাৰণ ইয়াত তাজ ফালাকনুমা পেলেচত আয়ুষ শৰ্মাৰ সৈতে তেওঁৰ ভগ্নী অৰ্পিতাৰ বিয়া হৈছিল।

‘চিকন্দৰ’ ছবিখনৰ শ্বুটিঙৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীক লৈ বিমানবন্দৰত উপস্থিত হ’ল ছলমান খান। যোৱা মাহত ছলমানৰ ঘনিষ্ঠ নেতা বাবা ছিদ্দিকীক হত্যা কৰা হৈছিল। হত্যাৰ ৬ দিনৰ পাছত ছালমানক মৃত্যুৰ ভাবুকি দিয়া হয়। তেতিয়াৰ পৰাই ব্যক্তিগত নিৰাপত্তাৰ লগতে ৱাই প্লাছৰ নিৰাপত্তাও ছলমানক প্ৰদান কৰা হৈছে। কিছুদিন পূৰ্বে ছলমান খানে অধিক মৃত্যুৰ ভাবুকি লাভ কৰিছিল। এই গোচৰত নয়ডাৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনজনক মুম্বাইৰ বান্দ্ৰাৰ পৰা আটক কৰিছে।

‘চিকন্দৰ’ ছবিখন পৰিচালনা কৰিছে এ আৰ মুৰুগাডোছে। এই ছবিখনত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব ৰশ্মিকা মাণ্ডন্না, সুনীল শেট্টী আৰু কাজল আগৰৱালাক।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande