নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল)ৰ তৃতীয় ছিজনৰ পূৰ্বে ১৫ ডিচেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’ব মিনি নিলাম। শেহতীয়াকৈ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পাঁচটা ফ্ৰেঞ্চাইজিক এই নিলামৰ তাৰিখ আৰু স্থানৰ বিষয়ে অৱগত কৰিছে।
নিলামত ১৯টা স্লট (১৪টা ভাৰতীয়, ৫জন বিদেশী) ১৬.৭ কোটি টকাৰ উপলব্ধ সামূহিক মূলধনৰে পূৰণ কৰিব লাগিব।
প্ৰতিটো দলে ১৫ কোটি টকা পৰ্যন্ত ব্যয় কৰিব পাৰে আৰু ১৮ জনীয়া দল থাকিব পাৰে। প্ৰতিটো দলৰ দলত সৰ্বাধিক ছয়জন বিদেশী খেলুৱৈৰ অনুমতি দিয়া হৈছে।
ৰিটেনচনৰ পিছত গুজৰাট জায়েন্টছৰ সৰ্বোচ্চ পাৰ্চ ৪.৪ কোটি টকা আৰু পূৰণ কৰিবলগীয়া চাৰিটা স্লট আছে। অৱশ্যে ২২খন খেলৰ উণ্ডোৰ বিষয়ে বিচিচিআইয়ে এতিয়াও অৱগত কৰা নাই যদিও ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে। যোৱাবাৰ ডব্লিউপিএলৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু ডিফেণ্ডিং চেম্পিয়ন আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া