আৰব সাগৰত শ্ৰীলংকাৰ দুখন নাওৰ পৰা নৌসেনাই উদ্ধাৰ কৰিলে ৫০০ কেজি ড্ৰাগছ  
- দুয়োখন নাওৰ পৰা ০৯ জন লোকক গ্ৰেপ্তাৰ কৰি শ্ৰীলংকা কৰ্তৃপক্ষক গতাই দিয়ে নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। আৰব সাগৰত শ্ৰীলংকাৰ দুখন মাছ ধৰা নাওৰ পৰা ৫০০ কেজি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ০৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ নৌসেনাৰ যৌথ অভিয
আৰব সাগৰত শ্ৰীলংকাৰ দুখন নাওৰ পৰা নৌসেনাই উদ্ধাৰ কৰিলে ৫০০ কেজি ড্ৰাগছ


- দুয়োখন নাওৰ পৰা ০৯ জন লোকক গ্ৰেপ্তাৰ কৰি শ্ৰীলংকা কৰ্তৃপক্ষক গতাই দিয়ে

নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। আৰব সাগৰত শ্ৰীলংকাৰ দুখন মাছ ধৰা নাওৰ পৰা ৫০০ কেজি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ০৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ নৌসেনাৰ যৌথ অভিযানত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুয়োখন নাওৰ লগতে ক্ৰু আৰু জব্দ কৰা নিচাজাতীয় সামগ্ৰী অধিক আইনী ব্যৱস্থাৰ বাবে শ্ৰীলংকা কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

ভাৰতীয় নৌসেনাৰ তথ্য সংযোজন কেন্দ্ৰ (ভাৰত মহাসাগৰ অঞ্চল), গুৰুগ্ৰামে শ্ৰীলংকাৰ নৌসেনাৰ পৰা আৰব সাগৰত শ্ৰীলংকাৰ পতাকাযুক্ত দুখন মাছ ধৰা নাৱেৰে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিষয়ে তথ্য লাভ কৰে। এই ইনপুট ভাৰতীয় নৌসেনাৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক টহলদাৰী বিমান আৰু দূৰৈৰ পৰা চলাচল কৰা বিমানেও ব্যাপকভাৱে নিৰীক্ষণ কৰিছিল।

ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত তথ্যৰ ভিত্তিত ভাৰতীয় নৌসেনাই দুয়োখন নাওক বাধা দিবলৈ এক সমন্বিত অভিযানৰ জৰিয়তে ক্ষীপ্ৰ সঁহাৰি জনায় আৰু ভাৰতীয় নৌসেনাৰ বিমানৰ আকাশী চোৱাচিতাৰ ভিত্তিত কিন্তু ২৪ আৰু ২৫ নৱেম্বৰত দুখন নাও চিনাক্ত কৰা হয়। ভাৰতীয় নৌসেনাৰ এখন অতিৰিক্ত জাহাজো নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান চলাবলৈ নিয়োগ কৰা হৈছিল।

তাৰ পিছত দুয়োখন নাওৰ ক্ৰুসকলক জাহাজ আৰু বিমান সম্পত্তিৰ মাজত সতৰ্ক কৰি দিয়া হয়, যাৰ ওপৰত সকলো সদস্যই হাত তুলি আত্মসমৰ্পণ কৰে। ভাৰত আৰু শ্ৰীলংকাৰ নৌসেনাৰ সমন্বিত অভিযানত জাহাজখনৰ বৰ্ডিং দলে দুয়োখন নাওতে উঠি প্ৰায় ৫০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী (ক্ৰিষ্টাল মেথ) জব্দ কৰে। দুয়োখন নাওৰ লগতে ক্ৰু আৰু জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ অধিক আইনী ব্যৱস্থাৰ বাবে শ্ৰীলংকা কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande