গুৱাহাটী, ০২ নৱেম্বৰ (হি.স.)। গুৱাহাটীত বিভিন্ন ধৰণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি গোপন তথ্যৰ ভিত্তিত আজি দিছপুৰ থানা এলেকাৰ হেঙৰাবাৰী কাইলানপুৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে অভিযান চলাই এএছ ০১ জিএ ১৭৫৯ নম্বৰৰ মহিন্দ্ৰা এক্স ইউ ভিসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ উপৰিও উক্ত অভিযানত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত ১০৬টা শিশিও আছিল। য’ত সন্দেহযুক্ত হেৰ’ইন আছে। ইয়াৰ ওজন ১৩৮.৮৪ গ্ৰাম। লগতে উদ্ধাৰ হৈছে দুটা মোবাইল ফোন আৰু ৫৩০০ টকাৰ নগদ ধন।
আটকাধীন ব্যক্তিজনৰ নাম ভাস্কৰ কলিতা (৩০) বুলি পৰিচয় পোৱা গৈছে। পিছত তেওঁৰ তথ্য অনুসৰি কামৰূপ (মেট্ৰ’)ৰ দিছপুৰ থানাৰ অন্তৰ্গত আনন্দপুৰৰ গংগা পথত থকা তেওঁৰ ভাড়াঘৰত তালাচী চলোৱা হয়। উক্ত অনুসন্ধানত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ১০৭ এছপিএম- পিআৰএক্স প্লাছ। য’ত মুঠ ওজন ৮০ গ্ৰাম ট্ৰেমাডল পদাৰ্থ আছে। লগতে ৬৪৫ গ্ৰাম গাঞ্জা, নগদ ৫৪০০ টকা আৰু ৫২টা খালী বটল উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া