ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ পৰাও বাহিৰ কেন উইলিয়ামছন
নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। নিউজিলেণ্ড ক্ৰিকেটে মঙলবাৰে এক সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনে কঁকালৰ আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ পুনেত ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলত অংশ ল’ব নোৱাৰিব। শ্ৰীলংকাৰ বিৰ
নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছন


নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। নিউজিলেণ্ড ক্ৰিকেটে মঙলবাৰে এক সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনে কঁকালৰ আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ পুনেত ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলত অংশ ল’ব নোৱাৰিব।

শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত হোৱা আঘাতৰ পৰা সুস্থ হৈ উঠাৰ বাবে বেংগালুৰুত অনুষ্ঠিত হোৱা উদ্বোধনী টেষ্টত খেলিব নোৱাৰিবলগীয়া হৈছিল উইলিয়ামছনে। তেওঁৰ আৰোগ্যৰ লাভ কৰিবলৈ নিউজিলেণ্ডতে আছে আৰু সম্পূৰ্ণ ফিট নোহোৱালৈকে অনশীলন কৰি যাব।

নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে আশা প্ৰকাশ কৰে যে উইলিয়ামছন তৃতীয়খন টেষ্টৰ বাবে উপলব্ধ হ’ব। ষ্টেডে কয়, আমি কেনৰ ওপৰত চকু ৰাখিছো আৰু তেওঁ সঠিক দিশত আগবাঢ়িছে, কিন্তু এতিয়াও ১০০% ফিট নহয়। আমি আশাবাদী যে অনাগত দিনত তেওঁ আৰু অধিক উন্নতি কৰিব আৰু তৃতীয় টেষ্টৰ বাবে তেওঁ উপলব্ধ হ'ব। আমি তেওঁলোকক নিজকে প্ৰস্তুত কৰিবলৈ যিমান পাৰি সময় দিম, কিন্তু নিশ্চিতভাৱে সতৰ্ক পন্থা গ্ৰহণ কৰি যাম।

নিউজিলেণ্ডে প্ৰথমখন টেষ্টত ৮ উইকেটত জয়লাভ কৰি ভাৰতত টেষ্ট জয়ৰ বাবে ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলায় । আনহাতে ২৪ অক্টোবৰৰ পৰা দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ বিপৰীতে ১ নৱেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম টেষ্ট।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande