অসমীয়া চিনেমা সুন্দৰপুৰ কেঅছক লৈ গুণা গথা চলিছে বিভিন্ন মহলত
নগাঁও, ২২ অক্টোবৰ (হি.স.)। অসমীয়া চিনেমা সুন্দৰপুৰ কেঅছক লৈ গুণা গথা চলিছে বিভিন্ন মহলত। বৰ্তমান সময়ত অসমীয়া ডেকাবোৰে কিদৰে নিজকে দেখে, কি কথাত হাঁ‌হে কি কথাত কান্দে কি কথাত ফুৰ্তি পায়, কি কি কথাত খং উঠে, তেনে কিছু বাস্তৱিক কাহিনীৰে সুন্দৰপুৰ কেঅ
অসমীয়া চিনেমা সুন্দৰপুৰ কেঅছক লৈ গুণা গথা চলিছে বিভিন্ন মহলত


নগাঁও, ২২ অক্টোবৰ (হি.স.)। অসমীয়া চিনেমা সুন্দৰপুৰ কেঅছক লৈ গুণা গথা চলিছে বিভিন্ন মহলত। বৰ্তমান সময়ত অসমীয়া ডেকাবোৰে কিদৰে নিজকে দেখে, কি কথাত হাঁ‌হে কি কথাত কান্দে কি কথাত ফুৰ্তি পায়, কি কি কথাত খং উঠে, তেনে কিছু বাস্তৱিক কাহিনীৰে সুন্দৰপুৰ কেঅছ। শংকৰদেৱে এৰি থৈ যোৱা অসমখনত কি হৈ আছে বাৰু? সত্ৰসমূহৰ ভিতৰে বাহিৰে কি হৈ আছে? জাতি জনজাতিবোৰ একগোট হ'ল নে? সত্ৰৰ মাটিত হেনো বিদেশী সোমাল। এইবোৰ কথাত আমাৰ যুৱ প্ৰজন্মই কি ভাবে ? কিংকৰ নামৰ এজন ডেকা ল’ৰা সত্ৰত ডাঙৰ-দীঘল হৈছে। দেখিছে সত্ৰৰ নিয়ম। সত্ৰীয়া গীত-মাতত পাকৈত যদিও সমানে অনুকৰণ কৰে পাশ্চাত্য নাচ-গান। তেওঁৰ ভাল লগা বস্তু বহুত।

ভাল পাই শৰীৰ চৰ্চা আৰু সমৰ কলা (মাৰচিয়েল আৰ্ট)। কিন্তু হঠাৎ কিয় সৰৱ হৈ পৰিল বিদেশীৰ ভূমি বেদখলৰ বিৰুদ্ধে? এনে কিছু বাস্তৱিক কাহিনীৰ আধাৰত ঝুলন কৃষ্ণ মহন্তৰ পৰিচালিত 'সুন্দৰপুৰ কেঅছ' মুক্তি পাব অহা ২৫ অক্টোবৰত। আৰ চি প্ৰডাকচনৰ বেনাৰত চিনেমাখন প্ৰযোজনা কৰিছে ৰমেন্দ্ৰ কুমাৰ চমুৱা, গায়ত্ৰী হাজৰিকা আৰু দিগন্ত ঠাকুৰীয়াই। দেশৰ এজন প্ৰতিস্থিত গায়ক শ্বানে কণ্ঠ নিগৰাইছে এটি বিশেষ গীতত। গীতটিৰ কথা মঞ্জুলা হাজৰিকাৰ। সুৰ আৰু সংগীত সৌৰভ মহন্তৰ। আনহাতে আন এটি গীত লিখিছে আৰু কণ্ঠ দিছে সু গায়িকা গায়ত্ৰী হাজৰিকাই। ছবিখনত জনপ্ৰিয় গায়ক পাপনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি ঘোষাত কণ্ঠদান কৰিছে । ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু সম্পাদনা ৰাজ্যিক চলচিত্ৰ বঁ‌টা প্ৰাপক ঝুলন কৃষ্ণ মহন্তৰ। বিশেষ চৰিত্ৰসমূহৰ ৰূপায়ণত অভিনয় কৰিছে বহু কেইজন গুণী শিল্পীৰ লগতে বহু পৰিচিত অভিনেতা-অভিনেত্ৰীয়ে। তেখেতসকলৰ ভিতৰত অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, বনি দেউৰী, গাৰ্গী দত্ত, শিল্পী দত্ত, দেৱজিত ডেকা, প্ৰশান্ত কলিতা প্ৰমুখ্যে বহুজনে। আনহাতে মুখ্য ভুমিকাত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়(নতুন দিল্লী)ৰ স্নাতক সু নৃত্য শিল্পী পাৰ্থ প্ৰতিম হাজৰিকাই। কেমেৰা বিভাগৰ দায়িত্ব লৈছে চন্দ্ৰ কুমাৰ দাসে, সংগীত সৌৰভ মহন্তৰ, শব্দ ব্যৱস্থাপনা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক শব্দযন্ত্ৰী দেৱজিৎ গায়নৰ আৰু ডি আই ধনজিত দাসৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande