পুৱাই ঘৰে ঘৰে বাতৰি কাকত বিলোৱা গৌৰৱে এন ই ই টি পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিলে এম বি বি এছত
নলবাৰী , ২২ অক্টোবৰ (হি.স.)। পুনৰ প্ৰমাণ হল একাগ্ৰতা থাকিলে আৰ্থিক দৈন্যতা পঢ়াৰ ক্ষেত্ৰত কেতিয়াও বাধা হৱ নোৱাৰে। আৰ্থিক দুৰৱস্থাৰ পিছতো নিজেই কষ্ট কৰি আজুৰি আনিলে ভাল ফল। নলবাৰীত বাতৰি কাকতৰ হকাৰ হৈও নিট পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ নলবাৰী জিলালৈ
পুৱাই ঘৰে ঘৰে বাতৰি কাকত বিলোৱা গৌৰৱে এন ই ই টি পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিলে এম বি বি এছত


নলবাৰী , ২২ অক্টোবৰ (হি.স.)। পুনৰ প্ৰমাণ হল একাগ্ৰতা থাকিলে আৰ্থিক দৈন্যতা পঢ়াৰ ক্ষেত্ৰত কেতিয়াও বাধা হৱ নোৱাৰে। আৰ্থিক দুৰৱস্থাৰ পিছতো নিজেই কষ্ট কৰি আজুৰি আনিলে ভাল ফল। নলবাৰীত বাতৰি কাকতৰ হকাৰ হৈও নিট পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাবী ছাত্ৰই। এসময়ত পুৱাই ঘৰে ঘৰে বাতৰি বিলোৱা গৌৰৱ এতিয়া হলগৈ নলবাৰীৰ গৌৰৱ।

এমবিবিএছ ৰ ছাত্ৰ হৈ গৌৰৱে দেখুৱালে অনন্য নিদৰ্শন। ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰা গৌৰৱে এন ই ই টি পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্ত্তি কৰিলে বংগৰ মেডিকেল কলেজত।নলবাৰীৰ বেলশৰৰ নহিকাকুছি চুবুৰিৰ নিৰঞ্জন বৈশ্য আৰু অঞ্জু বৈশ্যৰ একমাত্ৰ পুত্ৰ গৌৰৱৰ সফলতাত আজি মাতৃৰ চকুত চকুলো৷এদিন এজন ভাল চিকিৎসক হোৱাৰ সপোন দেখা লৰা জন আজি অনেক ঘাতপ্ৰতিঘাত নেওঁচি সচাকৈয়ে আজি গৌৰৱ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ’ল৷থাকিবলৈ মাত্ৰ এটা সাধাৰণ বাসগৃহ৷কোনোমতে পৰিয়ালটো চলি আছে৷গৌৰৱৰ পিতৃ আছিল বাতৰি কাকত বিতৰক।আৰ্থিক দৈন্যতাৰ বাবে হকাৰ পিতৃৰ বৃত্তি গ্ৰহণ কৰিছিল পুত্ৰই। দুবেলা দুমুঠিৰ যোগাৰ কৰিবলৈ মাতৃয়ে দিছিল পানতামোলৰ দোকান।আৰু পিতৃ আজি পেচাত এগৰাকী চিকিউৰিটি গাৰ্ড৷পঞ্চায়তৰ পৰা এটি আৱাস গৃহ নোপোৱা,চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত এটি পৰিয়ালৰ সন্তান গৌৰৱৰ এই সফলতাত আজি গৌৰৱান্বিত বেলশৰৰ ৰাইজ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande