ডিব্ৰুগড় মাইজান মহলাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া
ডিব্ৰুগড়, ২২ অক্টোবৰ (হি.স.)। ডিব্ৰুগড় খহনীয়া ডিব্ৰুগড় মাইজান মহলাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। বিগত এমাহ ধৰি হৈ থকা খহনীয়াত এই পৰ্যন্ত ১৫ টাকৈ বাসগৃহৰ লগতে বৃহৎ অংশ ভূমি নদীৰ বুকুত জাহ গৈছে। খহনীয়াৰ প্ৰবলতালৈ চাই অবশিষ্ট অবশিষ্টও
ডিব্ৰুগড় মাইজান মহলাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া


ডিব্ৰুগড়, ২২ অক্টোবৰ (হি.স.)। ডিব্ৰুগড় খহনীয়া ডিব্ৰুগড় মাইজান মহলাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। বিগত এমাহ ধৰি হৈ থকা খহনীয়াত এই পৰ্যন্ত ১৫ টাকৈ বাসগৃহৰ লগতে বৃহৎ অংশ ভূমি নদীৰ বুকুত জাহ গৈছে। খহনীয়াৰ প্ৰবলতালৈ চাই অবশিষ্ট অবশিষ্টও আতি শীঘ্ৰে নৈত জাহ যোৱাৰ উপক্ৰম হৈছে। ফলত আঞ্চলতোৰ লোক সকলে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে।

এই খহনীয়াই কেৱল মাইজান মহলালৈ ভাবুকি অনা নাই মাত্ৰ ৫ কিলোমিটাৰ নিলগত থকা ডিব্ৰুগড় চহৰৰ প্ৰতিও প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে।বিগত এমাহ ধৰি আঞ্চলটোত ভয়াৱহ ৰূপত খহনীয়া হৈ আছে যদিও এই পৰ্যন্ত ইয়াৰ প্ৰতিৰোধৰ বাবে বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। খহনীয়াত ক্ষতিগ্ৰস্ত সকলক পাচ কেজি চাউল আৰু একোখনকৈ ট্ৰিপাল দিয়েই দায়িত্ব সামৰিছে।যাৰ পৰিপ্ৰেক্ষিত ক্ষোভত আন্দোলনৰ পথ লোৱাৰ ভাবুকি দিছে উক্ত আঞ্চলৰ লোক সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande