হোজাইত ৰাষ্ট্ৰ সেবিকা সমিতিৰ উদ্যোগত হোজাই আৰক্ষী প্ৰশাসনৰ সহযোগত বালিকা সুৰক্ষা সজাগতা সভা অনুষ্ঠিত
হোজাই, ২২ অক্টোবৰ (হি.স.)। হোজাইত ৰাষ্ট্ৰ সেবিকা সমিতিৰ উদ্যোগত হোজাই আৰক্ষী প্ৰশাসনৰ সহযোগত বালিকা সুৰক্ষা সজাগতা সভা অনুষ্ঠিত। হোজাই জিলাৰ দেশবন্ধু বিদ্যাপীঠ মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি হোজাই ৰাষ্ট্ৰয় সেবিকা সমিতিৰ উদ্যোগত অসম আৰক্ষী প্ৰশা
হোজাইত ৰাষ্ট্ৰ সেবিকা সমিতিৰ উদ্যোগত হোজাই আৰক্ষী প্ৰশাসনৰ সহযোগত বালিকা সুৰক্ষা সজাগতা সভা অনুষ্ঠিত


হোজাই, ২২ অক্টোবৰ (হি.স.)। হোজাইত ৰাষ্ট্ৰ সেবিকা সমিতিৰ উদ্যোগত হোজাই আৰক্ষী প্ৰশাসনৰ সহযোগত বালিকা সুৰক্ষা সজাগতা সভা অনুষ্ঠিত। হোজাই জিলাৰ দেশবন্ধু বিদ্যাপীঠ মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি হোজাই ৰাষ্ট্ৰয় সেবিকা সমিতিৰ উদ্যোগত অসম আৰক্ষী প্ৰশাসনৰ সহযোগত বালিকা সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয় ।

উক্ত সভাত হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, হোজাইৰ সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই চি ডব্লও চিৰ অধ্যক্ষ সমীৰ চৰকাৰৰ উপৰিও জিলাখনৰ আৰক্ষী বিষয়া সকল আৰু হোজাই ৰাষ্ট্ৰয় সেবিকা সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। উক্ত সজাগতা সভাখনত বিশিষ্ট বক্তা ৰূপে আমন্ত্ৰণ কৰি অনা ড: ত্ৰিবেণী ভট্টাচাৰ্যয় জিলাখনৰ চৰকাৰী ও বাক্তিগত খণ্ডৰ উপস্থিত থকা ১০ খন বিদ্যালয়ৰ ছাত্ৰীসকক কি ধৰণে সাৱধানতা অৱলম্বন কৰি সকলোৰে লগত সুসম্পৰ্ক বজাই চলিব লাগে তাক উল্লেখ কৰে। সাৱধানতা আৰু সতর্কতাৰে আগ বঢ়াৰ বাবে ছাত্ৰী সকলক আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande