মুখ্যমন্ত্ৰী ড° শৰ্মাৰ অমিত শ্বাহলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যশস্বী তথা তীক্ষ্ণ নেতা আৰু আমাৰ সকলো কার্য
अमित शाह के जन्म दिन पर फोटो का एक कोलाज शेयर करते हुए मुख्यमंत्री डॉ. हिमंत बिस्व सरमा ने दी अनोखे अंदाज में शुभकामनाएं


গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যশস্বী তথা তীক্ষ্ণ নেতা আৰু আমাৰ সকলো কার্যকর্তাৰ বাবে প্রেৰণাস্রোত মাননীয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ডাঙৰীয়াৰ জন্মদিনত অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ।

ৰাষ্ট্ৰ নিৰ্মাণ আৰু সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। আজি তেখেতৰ নেতৃত্বত ভাৰতে বাঁওপন্থী উগ্ৰবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুঁজ দিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে দেশৰ নিৰাপত্তাই এক নতুন মাত্রা লাভ কৰিছে। লগতে দেশত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈছে। তেখেতৰ সুদূৰপ্রসাৰী চিন্তাৰে সমগ্ৰ দেশতে এক নতুন শক্তি সঞ্চাৰিত কৰি কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থাৰ আধুনিকীকৰণৰ অগ্ৰগতিও প্ৰশংসনীয়।

মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভূমি অসমৰ জনসাধাৰণৰ পৰা এই বিশেষ দিনত শুভকামনা জনোৱাৰ লগতে তেখেতৰ দীর্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande