স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি  দলৰ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না
কাৰ্বিআংলং,২২ অক্টোবৰ (হি.স.)। স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি দলে আজি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্য্যসূচী পালন কৰে৷ দলটোৱে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি অসম বিধানসভাৰ তৰফৰ পৰা
স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি  দলৰ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না


কাৰ্বিআংলং,২২ অক্টোবৰ (হি.স.)। স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি দলে আজি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্য্যসূচী পালন কৰে৷

দলটোৱে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি অসম বিধানসভাৰ তৰফৰ পৰা স্বায়ত্ত্বশাসিত ৰাজ্য দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ আহ্বান জনায়৷

দলটোৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ মন্তব্য হ’ল যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এএছডিচি দলৰ সৈতে মুখ্যমন্ত্ৰীৰ যি আলোচনা হৈছিল সেই আলোচনাত মুখ্যমন্ত্ৰীয়ে পাহাৰীয়া জিলা তিনিখনক লৈ স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰক দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ বৰ্তমান প্ৰতিশ্ৰুতি পালনৰ সময়৷

দলটোৰ সভাপতি গৰাকীয়ে পাহাৰৰ বিধায়ক আৰু সাংসদ গৰাকীক স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ বাবে বিধানসভা আৰু লোকসভাত সৰব হোবাৰ আহবান জনায় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande