বাবা ছিদ্দিকী হত্যাকাণ্ডৰ পিছত চিন্তিত হৈ পৰিছে ছলমানৰ পৰিয়াল: আৰবাজ খান
বলীউডৰ অভিনেতা ছলমান খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত যোৱা কেইদিনমানৰ পৰা অতি সতৰ্ক হৈ পৰিছে পৰিয়াল। যোৱা ১২ অক্টোবৰত বান্দ্ৰা ইষ্টত এন চি পি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে একাংশ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই বিষয়ত অধিক ত
আৰবাজ খান


বলীউডৰ অভিনেতা ছলমান খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত যোৱা কেইদিনমানৰ পৰা অতি সতৰ্ক হৈ পৰিছে পৰিয়াল। যোৱা ১২ অক্টোবৰত বান্দ্ৰা ইষ্টত এন চি পি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে একাংশ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই বিষয়ত অধিক তদন্তও অব্যাহত আছে। বাবা ছিদ্দিকী আছিল ছলমান খানৰ অতি ঘনিষ্ঠ বন্ধু। এনে পৰিস্থিতিত ছলমান খানৰ হত্যাকাণ্ডৰ পিছত চিন্তিত হৈ পৰিছে ছলমান খানৰ পৰিয়াল। ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে মৃত্যুৰ ভাবুকিও লাভ কৰিছে। এই সকলোবোৰৰ মাজতে ভাইজানৰ ভাতৃ অৰবাজ খানে এক সাক্ষাৎকাৰত ভাতৃৰ নিৰাপত্তাৰ সন্দৰ্ভত মন্তব্য কৰিছে।

আৰ্বাজ খানে কয়, আমি সকলোৱে ভালেই আছো কিন্তু সকলো ঠিকেই চলি আছে বুলি মই ক'ব নোৱাৰো । এই মুহূৰ্তত বহু কথাই ঘটি আছে আৰু স্পষ্টভাৱে সকলোৱে ছলমানক লৈ অতি চিন্তিত আৰু উদ্বিগ্ন। চলমান খানৰ সুৰক্ষাক লৈ গোটেই পৰিয়ালটো কেনেদৰে চিন্তিত সেই সন্দৰ্ভত আৰবাজে কয়, এই মুহূৰ্তত আমি চলমানৰ বাবে সৰ্বশ্ৰেষ্ঠ কি কৰিব পাৰোঁ সেই বিষয়ে এটা পৰিয়াল হিচাপে চিন্তা কৰি আছো। আমি চৰকাৰ আৰু আৰক্ষীৰ নিৰ্দেশনা অনুসৰি চলমানক কেনেদৰে সুৰক্ষা দিব লাগে জানিবলৈ চেষ্টা কৰি আছো। এই মুহূৰ্তত, সকলোৱে যথাসাপেক্ষ চেষ্টা কৰি আছে।

ছলমান খানৰ নিৰাপত্তা বৃদ্ধি –

বাবা ছিদ্দিকী ছলমান খানৰ বহুত ঘনিষ্ঠ আছিল। ছিদ্দিকীৰ হত্যাৰ পিছত ভাইজানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। তেওঁৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত আৰু পানভেলত থকা তেওঁৰ ফাৰ্ম হাউচত গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। লগতে অহা কেইদিনমানৰ বাবে ঘৰৰ পৰা ওলাই নাযাবলৈও নিৰ্দেশ দিয়া হৈছে ছলমানক।

বিগ বছ উইকেণ্ড ৱাৰ

যোৱা শনিবাৰে বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত ছলমানে লগে লগে ‘বিগ বছ’ৰ ‘উইকেণ্ড কা ৱাৰ’ৰ শ্বুটিং বন্ধ কৰি লীলাৱতী হাস্পতাল অভিমুখে বেগাবেগীলৈ গৈছিল। এতিয়া আগন্তুক সময়ত ছলমান শ্ব’টোলৈ অহাৰ সম্ভাৱনা বহুত কম। তেওঁৰ ঠাইত আগন্তুক উইকেণ্ডত আয়োজক হিচাপে আহিব পাৰে কৰণ জোহৰ বা ফাৰাহ খান।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande