ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিব ডেল ষ্টেইন
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ ডেল ষ্টেইনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক ছিজনৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং প্ৰশিক্ষক হিচাপে ঘূৰি নাহে বুলি ঘোষণা কৰিছে। অৱশ্যে ষ্টেইনে কয় যে তেওঁ দক্ষিণ আফ্ৰিক
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ ডেল ষ্টেইন


নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ ডেল ষ্টেইনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক ছিজনৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং প্ৰশিক্ষক হিচাপে ঘূৰি নাহে বুলি ঘোষণা কৰিছে। অৱশ্যে ষ্টেইনে কয় যে তেওঁ দক্ষিণ আফ্ৰিকাত ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ সৈতে এছ এ ২০ লীগত প্ৰশিক্ষক হিচাপে থাকিব।

ষ্টেইনে কয় যে “মই এছএ২০ ত ছানৰাইজাৰ্ছ ইষ্টাৰ্ন কেপৰ সৈতে কাম কৰি যাম”।

চলিত বৰ্ষৰ আৰম্ভণিতে ষ্টেইনে ব্যক্তিগত কাৰণত আই পি এল ২০২৪ৰ বাবে নিজকে অনুপলব্ধ কৰি ৰাখিছিল আৰু ছানৰাইজাৰ্ছে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ জেমছ ফ্ৰেংকলিনক মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট’ৰীৰ সৈতে কাম কৰিবলৈ তেওঁলোকৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল।

৪১ বছৰীয়া ষ্টেইনে খেলৰ দিনত আই পি এলত ডেকান চাৰ্জাৰ্ছ (এতিয়া বন্ধ), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ আৰু গুজৰাট লায়ন্স (বৰ্তমান বন্ধ)ক প্ৰতিনিধিত্ব কৰিছিল। ২০২২ চনৰ ছিজনৰ পূৰ্বে ছানৰাইজাৰ্ছৰ বলিং প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ শেষবাৰৰ বাবে আই পি এল ২০২০ত আৰ চি বিৰ হৈ খেলিছিল। ছানৰাইজাৰ্ছ ৰেংকত উমৰাণ মালিক আৰু আন কেইবাজনো বেগী বলাৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।

কেকেআৰৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে আইপিএল ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছিল ছানৰাইজাৰ্ছে। ২০১৮ চনত ৰানাৰ্ছ আপৰ স্থান দখল কৰাৰ পিছত এইটোৱেই আছিল তেওঁলোকৰ আই পি এলৰ ফাইনেল। যোৱা বছৰ ভেট’ৰী-ফ্ৰেংকলিন কম্বোৰ অধীনত লাভ কৰা সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ছানৰাইজাৰ্ছে হয়তো নিজৰ প্ৰশিক্ষক কৰ্মচাৰীক ধৰি ৰাখিবলৈ বিচাৰিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande