দৰং, ১৬ অক্টোবৰ (হি.স.)। দৰং ওদালগুৰি জিলাৰ যোগা যোগৰ দলগাঁও বৰছালা আৰু ঢেকিয়াজুলি সংযোগী অসমৰ অভিলাসী আচঁনিৰ অসম মালাৰ পথটোৰে যান বাহন চলাচল বন্ধ হৈ পৰিছে। কিছু দিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত পাচনৈৰ মাথাউৰি বান্ধ ভাঙি ধূপগুৰি গাঁৱৰ মাজেৰে পানী সোমাই গাঁও আৰু পথাৰৰ পানী ওলাই যোৱা অসম মালা পথৰ এটা কাভাৰ্ট পানীৰ ওলোটা সোঁতত ডাবি যোৱাৰ ফলত সম্পূৰ্ণ ভাবে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে।
অসম চৰকাৰৰ অসম মালাৰ অতি ব্যায় বহুল ৰাস্তা টো হঠাতে কালভাৰ্ট চিঙি বন্ধ হৈ পৰাত ব্যৱসায়ি সকলৰ আৰু কৃষক সকলৰ শাক-পাচলি অনা নিয়া কৰাত বাধাৰ সৃষ্টি হৈছে। নৱনিৰ্মিত ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ এনে অৱস্থাৰ বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সচেতন মহলে বিভাগীয় কৰ্তৃপক্ষলৈ কামৰ উচিত তদন্ত বিচাৰিছে। পথচাৰী আৰু ৰাইজে পথ টি অতি শীঘ্ৰে পুণৰ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ