ৱাশ্বিংটন, ১৬ অক্টোবৰ (হি.স.)। গাজালৈ সামৰিক সাহায্য কৰ্তনৰ সতৰ্কবাণী দি আমেৰিকাই ইজৰাইললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত সকীয়াই দিয়া হৈছে যে যদিহে আগন্তুক ৩০ দিনৰ ভিতৰত গাজালৈ মানৱীয় সামগ্ৰীৰ প্ৰবাহ বৃদ্ধি নকৰে তেন্তে সামৰিক সাহায্য হেৰুৱাব পাৰে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে মঙলবাৰে এক বিবৃতি প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে ইজৰাইলে আমেৰিকাৰ মতামতক আওকাণ নকৰে বৰঞ্চ নিজৰ জাতীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি চূড়ান্ত সিদ্ধান্ত লয়। এই পত্ৰখন দেওবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্ট আৰু কৌশলগত পৰিক্ৰমা মন্ত্ৰী ৰন ডাৰ্মাৰলৈ প্ৰেৰণ কৰা হৈছে। ইয়াত স্বাক্ষৰ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন আৰু বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, আমেৰিকাৰ আইন অনুসৰি আমেৰিকাই প্ৰদান কৰা মানৱীয় যোগানত বাধাৰ সৃষ্টি কৰা যিকোনো দেশক সামৰিক সাহায্য প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ পিছতো আমেৰিকাই ইজৰাইলক সামৰিক সাহায্য আগবঢ়াইছে। শেহতীয়াকৈ এটা উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ইয়াক চলাবলৈ ১০০ জন জোৱান প্ৰেৰণ কৰা হৈছে। আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়াসকলে যোৱা কেইটামান সপ্তাহত সকীয়াই দিছে যে গাজাত বিশেষকৈ উত্তৰ অঞ্চলৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। মঙলবাৰে ৱাশ্বিংটনত অনুষ্ঠিত এক সংবাদমেলত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে ইজৰাইললৈ পত্ৰ প্ৰেৰণ কৰাটো নিশ্চিত কৰে। মিলাৰে কয় যে যোৱা কেইমাহমানত মানৱীয় সাহায্যৰ চালান ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
আমেৰিকাৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছে কূটনৈতিক বিষয়াসকলৰ পৰিচয় লুকুৱাই ৰাখিলেও তেওঁলোকৰ উদ্ধৃতি দি কয় যে ইজৰাইলৰ পৰৱৰ্তী আক্ৰমণত ইৰাণৰ সামৰিক ঘাটিসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব। বাইডেন প্ৰশাসনৰ মতে যদি ইজৰাইলে তেল বা ইউৰেনিয়াম সমৃদ্ধিশালী স্থানত আক্ৰমণ কৰে তেন্তে মধ্যপ্ৰাচ্যৰ শত্ৰুতা নাটকীয়ভাৱে বৃদ্ধি পাব পাৰে। ইজৰাইলৰ বিষয়াসকলৰ মতে, আইডিএফে ইৰাণৰ পাৰমাণৱিক আৰু তেল স্থানসমূহ পৰিত্যাগ কৰিলেও ইৰাণৰ ক্ষেপণাস্ত্ৰ লঞ্চাৰ, ষ্ট’ৰেজ ডিপো, আৰু ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন উৎপাদন কৰা কাৰখানাসমূহৰ লগতে সামৰিক ঘাটি আৰু চৰকাৰী ভৱনসমূহকো লক্ষ্য কৰি ল’ব পাৰে।
ইৰাণৰ কুদছ বাহিনীৰ ডেপুটি কমাণ্ডাৰ ইন চিফ জেনেৰেল আলী ফাদাৱীয়ে মঙলবাৰে লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত নিহত এজন জেনেৰেলৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰ সাংবাদিকৰ আগত কয় যে ইৰাণে মৌনতা অৱলম্বন নকৰে। একে সময়তে হিজবুল্লাহ নেতা শ্বেখ নৈম কাছিমে কয় যে ইজৰাইলক আক্ৰমণ কৰা হ’ব। কাছিমে কয় যে যুদ্ধবিৰতিহে এই আক্ৰমণ বন্ধ কৰিব পাৰিব। যুদ্ধবিৰতি হ’লেহে হিজবুল্লাই ৰকেট আক্ৰমণৰ ফলত স্থানচ্যুত হোৱা প্ৰায় ৬০ হাজাৰ ইজৰাইলীক লেবাননৰ সীমান্তৰ ওচৰৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ