ধিঙৰ চহৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত উতপ্ত পৰিস্থিতি
–এখন এখন ৰেচন কাৰ্ডৰ বিপৰীতে ২০০০ টকাকৈ লোৱাৰ অভিযোগ –টকা দিবলৈ অমান্তি হোৱা লোকক আক্ৰমণ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ নগাঁও, ১৬ অক্টোবৰ (হি.স.)। ধিঙৰ চহৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত উতপ্ত পৰিস্থিতি। বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া গাওঁ পঞ্চ
ধিঙৰ চহৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত উতপ্ত পৰিস্থিতি


–এখন এখন ৰেচন কাৰ্ডৰ বিপৰীতে ২০০০ টকাকৈ লোৱাৰ অভিযোগ

–টকা দিবলৈ অমান্তি হোৱা লোকক আক্ৰমণ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ

নগাঁও, ১৬ অক্টোবৰ (হি.স.)। ধিঙৰ চহৰীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত উতপ্ত পৰিস্থিতি। বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া গাওঁ পঞ্চায়তত সংঘটিত হৈছে ৰেচন কাৰ্ড প্ৰদানৰ নামত বৃহৎ দুৰ্নীতি। ৰেচন কাৰ্ড দিয়াৰ নামত হিতাধিকাৰীৰ পৰা ১৮০০- ২০০০ টকা পৰ্যন্ত লোৱাৰ অভিযোগ একাংশ ভুক্তভোগী লোকৰ।

অভিযোগক কেন্দ্ৰ কৰি প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰে হতাহতি ভুক্তভোগীৰ। এইখন চহৰীয়া পঞ্চায়তত ৰেচন কাৰ্ড দিয়াৰ নামত একাংশ দালালে ধন লোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। পঞ্চায়তটোৰ দৰিদ্ৰ লোকৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ এইবাৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামী অমিধৰ বড়োৰ বিৰুদ্ধে।

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে নিজকে শুই থকা বাঘৰ লগত তুলনা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী স্বৰস্বতী বড়োৰ স্বামী অমিধৰ বড়োৰ‌।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে চহৰীয়া গাওঁ পঞ্চায়তত। ইফালে, এই অভিযোগ সমূহ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে অমিধৰ বড়োৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande