আলজিয়াৰ্ছ, ১৬ অক্টোবৰ (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ১৩ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ আফ্ৰিকাৰ তিনিখন দেশ আলজেৰিয়া, মৰিটানিয়া আৰু মালাউইলৈ চৰকাৰী ভ্ৰমণৰ প্ৰথম পৰ্যায়ৰ মঙলবাৰে সম্পূৰ্ণ হয়। তেওঁ তিনিদিন আলজেৰিয়াত অতিবাহিত কৰে। আজি মৰিটানিয়াৰ পৰা আৰম্ভ হ’ব তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়।
মৰিটানিয়াই আফ্ৰিকান ইউনিয়নৰ ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ গুৰুত্বপূৰ্ণ সময়ত এই ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ অউল্ড চেইখ আল গাজৌৱানীৰ সৈতে আলোচনাত মিলিত হ’ব। মৰিটানিয়াৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীয়েও ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। এই ভ্রমণে ভাৰত-মৰিটানিয়াৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক উন্নীত কৰিব ৷
মালাউইৰ ৰাষ্ট্ৰপতি ড০ লাজাৰছ মেককাৰ্থী চাকৱেৰাৰ আমন্ত্ৰণত ১৭ৰ পৰা ১৯ অক্টোবৰলৈ মালাউই ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে মালাউইৰ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বিশিষ্ট ব্যৱসায় আৰু উদ্যোগৰ নেতা আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে মত বিনিময় কৰিব। সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰিব।
আলজেৰিয়ালৈ চৰকাৰী ভ্ৰমণৰ শেষ দিনটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাচীন ৰোমান চহৰ টিপাছাৰ প্ৰত্নতাত্ত্বিক স্থানত আলজেৰিয়াৰ চহকী সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ বুজ লয়। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত নিৰ্মিত টিপাছাই ভূমধ্যসাগৰীয় উপকূলত এক সমৃদ্ধিশালী সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে কাম কৰিছিল। নুমিডিয়ান যুগত নিৰ্মিত মৰিটানিয়াৰ ৰাজকীয় সমাধিস্থলো তেওঁ পৰিদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ