ইছলামাবাদ, ১৬ অক্টোবৰ (হি.স.)। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মংগোলীয় প্ৰধানমন্ত্ৰী লুভছান্নামছৰেন অয়ুন-এৰ্ডেনক সাক্ষাৎ কৰে। জয়শংকৰে এই বৈঠকৰ এক চিত্ৰাঙ্কিত বৰ্ণনা এক্স হেণ্ডেলত পোষ্ট কৰিছে। তেওঁ কয়–আমি দুয়োজনে দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিলোঁ। মংগোলিয়াৰ প্ৰধানমন্ত্ৰীক লগ পাই ভাল লাগিল।
এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মঙলবাৰে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত উপস্থিত হয় বৈদেশিক মন্ত্ৰী জয়শংকৰ। তাত তেওঁক আন্তৰিক আদৰণি জনোৱা হয়। নিশা এছচিঅ’ৰ প্ৰতিনিধিসকলৰ বাবে আয়োজন কৰা ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত জয়শংকৰে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক সাক্ষাৎ কৰে। দুয়োজনে হাত মিলাই অতি চমু কথা-বতৰা পাতিলে।
ইতিমধ্যে ভাৰতে স্পষ্ট কৰি দিছে যে জয়শংকৰৰ এই ভ্ৰমণৰ উদ্দেশ্য পাকিস্তানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰা নহয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে অহা ১৬ অক্টোবৰত এছচিঅ’ৰ সদস্য দেশৰ মুৰব্বীৰ ২৩ সংখ্যক বৈঠক অনুষ্ঠিত হ’ব। বছৰি অনুষ্ঠিত হোৱা এই বৈঠকত বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যসূচী আলোচনা কৰা হয়। ইয়াত জয়শংকৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। এছ চি অ’ৰ অধীনত গঠিত বিভিন্ন ব্যৱস্থাত ভাৰত সক্ৰিয় হৈয়েই আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ