বাবা ছিদ্দিকী হত্যাকাণ্ডৰ পিছতে বৃদ্ধি পালে ছলমান খানৰ নিৰাপত্তা
- গেলাক্সি, পানভেলৰ ফাৰ্মহাউচত আৰক্ষী নিয়োগ মুম্বাই, ১৫ অক্টোবৰ (হি.স.)। এন চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুম্বাই আৰক্ষীয়ে ছলমান খানৰ বান্দ্ৰা বাসগৃহ গেলাক
बाबा सिद्दीकी-सलमान खान


- গেলাক্সি, পানভেলৰ ফাৰ্মহাউচত আৰক্ষী নিয়োগ

মুম্বাই, ১৫ অক্টোবৰ (হি.স.)। এন চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুম্বাই আৰক্ষীয়ে ছলমান খানৰ বান্দ্ৰা বাসগৃহ গেলাক্সি এপাৰ্টমেণ্ট, পানভেল ফাৰ্মহাউছৰ লগতে তেওঁৰ শ্বুটিং চেটত আৰক্ষীৰ দল নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। লগতে ছলমান খানক তেওঁৰ দৈনন্দিন কাৰ্যসূচীসমূহ আৰক্ষীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কোৱা হৈছে।

যোৱা কেইবামাহো ধৰি চলচ্চিত্ৰ অভিনেতা ছলমান খানে ভাবুকি লাভ কৰি আহিছে। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি লাভ কৰিছে ছলমান খানে। আনকি ছলমান খানৰ বাসগৃহৰ বাহিৰতো গুলীচালনা কৰা হৈছে। এই কাৰণেই বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত মুম্বাই আৰক্ষীয়ে ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ। ছলমান খান আৰু তেওঁৰ পৰিয়ালে বন্ধু-বান্ধৱী আৰু আত্মীয়ক ঘৰলৈ বেছিকৈ নাযাবলৈ অনুৰোধ জনাইছে। ছলমান খান য’তেই শ্বুটিঙৰ বাবে যায় তাতেই স্থানীয় আৰক্ষীক খবৰ দিব লাগিব। স্থানীয় আৰক্ষীয়ে ছলমানৰ স্থান জানিব লাগে, ছলমানৰ শ্বুটিঙৰ স্থানত আৰক্ষীৰ দল থাকিব।

বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে লৰেন্স বিষ্ণোই চক্ৰই এই আক্ৰমণৰ দায়িত্ব লৈছে। ছচিয়েল মিডিয়াত ভাইৰেল পোষ্টটোত অভিনেতা ছলমান খানৰ নামো উল্লেখ কৰা হৈছে। বাবা ছিদ্দিকী আৰু ছলমান খানৰ মাজত ভাল বন্ধুত্ব আছিল। এই কাৰণতে মুম্বাই আৰক্ষীয়ে ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰিব নিবিচাৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande