ভাৰতৰ ডিজিটেল অভিজ্ঞতাই বিশ্বৰ জনকল্যাণমূলক কাম-কাজ সবল কৰি তুলিব পাৰেঃ প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে ভাৰতে সংযোগৰ বাহিৰলৈ গৈ আৰ্থ-সামাজিক বিভাজন দূৰ কৰাৰ লগতে টেলিকমক সমতা আৰু সুযোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰি প্ৰৱেশ সুদৃঢ় কৰাৰ দিশত আগবাঢ়িছে। ভাৰতৰ ডিজিটেল অভিজ্ঞতাৰ সুবিধ
প্ৰধানমন্ত্ৰী মোডীৰ ফাইল ফটো


নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে ভাৰতে সংযোগৰ বাহিৰলৈ গৈ আৰ্থ-সামাজিক বিভাজন দূৰ কৰাৰ লগতে টেলিকমক সমতা আৰু সুযোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰি প্ৰৱেশ সুদৃঢ় কৰাৰ দিশত আগবাঢ়িছে। ভাৰতৰ ডিজিটেল অভিজ্ঞতাৰ সুবিধা লৈ বিশ্বই জনকল্যাণমূলক কাম-কাজ সবল কৰি তুলিব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দিল্লীৰ ভাৰত মণ্ডপামত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মানক সমাবেশ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত বিশ্বক সংঘাতৰ পৰা বাহিৰ কৰি আনি একেলগে সংযোগ কৰাৰ কামত নিয়োজিত। তেওঁ বিশ্বৰ সংস্থাসমূহক টেলিকমিউনিকেচন আৰু ডিজিটেল প্ৰযুক্তিৰ সন্দৰ্ভত মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ডিজিটেল উন্নয়নৰ চাৰিটা মূল স্তম্ভ আছে, য’ত সস্তীয়া যন্ত্ৰৰ যোগান ধৰা, দেশৰ প্ৰতিটো কোণলৈ সংযোগ প্ৰদান কৰা, সস্তীয়া তথ্য আৰু প্ৰথমে ডিজিটেলক অগ্ৰাধিকাৰ দিয়া আদি স্তম্ভ আছে। যোৱা ১০ বছৰত এই মূল কথাবোৰৰ ওপৰত অভূতপূৰ্ব কাম কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande