নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) নৈতিক ব্যৱহাৰৰ বাবে বিশ্বব্যাপী পৰিকাঠামো গঢ়ি তোলাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিশ্বৰ প্ৰতিষ্ঠানসমূহে ডিজিটেল প্ৰযুক্তিৰ বাবে বিশ্বব্যাপী কাঠামো আৰু বিশ্ব শাসনৰ বাবে বিশ্বব্যাপী নিৰ্দেশনাৰ গুৰুত্ব স্বীকাৰ কৰাৰ সময় আহি পৰিছে। আন্তঃসংযোগী পৃথিৱীত নিৰাপত্তাক আওকাণ কৰিব নোৱাৰি।
ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক দূৰসংযোগ সংঘ-বিশ্ব দূৰসংযোগ মানকৰণ সমাবেশ (ডব্লিউটিএছএ) ২০২৪ উদ্বোধন কৰে। অনুষ্ঠানৰ সময়ত তেওঁ ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণৰ শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনী পৰিদৰ্শন কৰে।
ভাষণত প্ৰধানমন্ত্ৰীয়ে ডিজিটেল প্ৰযুক্তিৰ এক বিশ্বব্যাপী কাঠামো প্ৰতিষ্ঠা কৰাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে। তেওঁ এই বিষয়টো ভাৰতে জি-২০ ৰাষ্ট্ৰপতিত্বৰ সময়ত উত্থাপন কৰা বুলি জোৰ দি বিশ্বৰ প্ৰতিষ্ঠানসমূহক বিশ্ব শাসনৰ বাবে ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বিশ্বৰ প্ৰতিষ্ঠানসমূহে বিশ্ব শাসনৰ গুৰুত্ব স্বীকাৰ কৰাৰ সময় আহি পৰিছে।
বিশ্ব পৰ্যায়ত প্ৰযুক্তিৰ বাবে ‘কি কৰিব আৰু কি নকৰিব’ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেল সঁজুলি আৰু প্ৰয়োগৰ সীমাহীন স্বৰূপৰ ওপৰত আলোকপাত কৰি চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিষ্ঠানসমূহে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সামূহিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। ইতিমধ্যে সুপ্ৰতিষ্ঠিত গাঁথনি থকা বিমান পৰিবহণ খণ্ডৰ সৈতে তেওঁ সমান্তৰালতা দোহাৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে ডব্লিউ টি এছ এক এক সুৰক্ষিত ডিজিটেল পৰিৱেশ তন্ত্ৰ আৰু দূৰসংযোগৰ বাবে সুৰক্ষিত চেনেল সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, এখন আন্তঃসংযোগী পৃথিৱীত নিৰাপত্তাক আওকাণ কৰিব নোৱাৰি। ভাৰতৰ তথ্য সুৰক্ষা আইন আৰু ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা কৌশলে সুৰক্ষিত ডিজিটেল পৰিৱেশ সৃষ্টিৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে সভাৰ সদস্যসকলক এনে মানদণ্ড সৃষ্টি কৰিবলৈ আহ্বান জনায় যি অন্তৰ্ভুক্ত, সুৰক্ষিত আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৈতে খাপ খোৱা, নৈতিক এআই আৰু তথ্য গোপনীয়তা মানদণ্ডকে ধৰি ৰাষ্ট্ৰসমূহৰ বৈচিত্ৰ্যক সন্মান কৰে ।
প্ৰধানমন্ত্ৰীয়ে চলি থকা প্ৰযুক্তিগত বিপ্লৱত মানৱকেন্দ্ৰিক মাত্ৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দায়িত্বশীল আৰু বহনক্ষম উদ্ভাৱনৰ আহ্বান জনায়। তেওঁ কয় যে আজি যি মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে, সেই মানদণ্ডই ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব। তেওঁ জোৰ দি কয় যে আমাৰ আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব লাগিব নিৰাপত্তা, সন্মান আৰু সমতাৰ নীতি। আমাৰ লক্ষ্য হ’ব লাগে যে এই ডিজিটেল ৰূপান্তৰত কোনো দেশ, কোনো অঞ্চল আৰু কোনো সম্প্ৰদায় পিছ পৰি নাথাকে আৰু তেওঁ উদ্ভাৱনৰ সৈতে অন্তৰ্ভুক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ যাতে ভৱিষ্যত কেৱল প্ৰযুক্তিগতভাৱে শক্তিশালী নহয়, নৈতিকভাৱেও নতুনত্ব আৰু অন্তৰ্ভুক্তিৰ সৈতে সবল হয়, সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া