ৰাঁচী, ১৫ অক্টোবৰ (হি.স.)। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। এই কথা মঙলবাৰে ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায় ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। অহা ২৩ নৱেম্বৰত ঝাৰখণ্ডত একেলগে ভোটগণনা অনুষ্ঠিত হ’ব। ঝাৰখণ্ডৰ ৮১খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়। ইয়াত আছে ৪৪খন জেনেৰেল, ২৮খন এছ টি আৰু ৯খন এছ চি আসন। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ২.৬ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব। মুঠ ২০২৮১টা এলেকাত মুঠ ২৯৫৬২টা ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰে নগৰ অঞ্চলত ৫০৪২টা আৰু গ্ৰামাঞ্চলত ২৪৫২০টা ভোটকেন্দ্ৰ থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া