নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান পদৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ লগে লগে এই পদৰ পৰা অব্যাহতি ল'ব বৰ্তমানৰ সঞ্চালক সন্দীপ প্ৰধানে। তেওঁৰ স্হানত অন্তৱৰ্তীকালীন ভিত্তিত ক্ৰীড়া সচিব সুজাতা চতুৰ্বেদীয়ে দায়িত্ব গ্ৰহণ কৰিব। মঙলবাৰে ক্ৰীড়া মন্ত্ৰালয়ে উপৰোক্ত ঘোষণা কৰে।
ক্ৰীড়া মন্ত্ৰালয়ৰ আনুষ্ঠানিক নিৰ্দেশ অনুসৰি, “ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান পদৰ বাবে সন্দীপ এম প্ৰধানৰ কেন্দ্ৰীয় প্ৰতিনিধিত্বৰ কাৰ্যকাল ৩০.০৯.২০২৪ তাৰিখে সম্পূৰ্ণ হোৱাৰ ফলত যোগ্য কৰ্তৃপক্ষই শ্ৰীমতী সুজাতা চতুৰ্বেদীক ছাইৰ সঞ্চালক হিচাপে অনুমোদন জনায়। ফলস্বৰূপে চতুৰ্বেদীয়ে নিয়মীয়া বৰ্তমানৰ নিযুক্তি পৰ্যন্ত বা পৰৱৰ্তী আদেশৰ আগলৈকে, যিটো আগৰ হ’ব, এই পদত অধিষ্ঠিত থাকিব।”
১৯৯০ চনৰ বেচৰ ভাৰতীয় ৰাজহ বিষয়া প্ৰধানে ২০১৯ চনৰ আগষ্ট মাহত নীলম কাপুৰৰ পৰা সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল, যাৰ অধীনত ভাৰতে ক্ৰমে টকিঅ’ আৰু পেৰিছত দুটা সফল অলিম্পিক আৰু পেৰালিম্পিক চক্ৰৰ সাক্ষী হৈছিল।
২০২০ চনৰ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাৰ জৰিয়তে ট্ৰেক এণ্ড ফিল্ডত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে দেশখনে ৭টা পদক লাভ কৰি গেমছত সৰ্বোত্তম প্ৰদৰ্শনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ