কামৰূপ, ২১ ডিচেম্বৰ (হি.স.)। ছয়গাঁও গৰু বজাৰত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰে শুভাৰম্ভ কৰা হয়। ছয়গাঁও গৰু বজাৰত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ শুকুৰবাৰে নিশা শুভ উদ্বোধনী খেলত অংশ গ্ৰহণ কৰে ছয়গাঁও আৰক্ষী থানা আৰু ছয়গাঁও প্ৰেছ ক্লাৱে । উদ্বোধনী খেলত ছয়গাঁও আৰক্ষী থানা বিজয়ী হয় ।
উল্লেখ্য় যে অহা ২২ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে ছয়গাঁও গৰু বজাৰত চলিব লগা এই খেলত এতিয়ালৈকে প্ৰায় ৪০ টা দলে অংশ গ্ৰহণ কৰে । শুকুৰবাৰে পুৱা ক্ৰীড়া সংগঠক তথা যুৱ ব্যৱসায়ী বিশ্বজিৎ দাসে পতাকা উত্তোলন কৰাৰ পিছতে সন্ধিয়া সমাজসেৱীকা মৰমী তালুকদাৰে খেলৰ শুভ উদ্বোধন কৰে । খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৫০ হাজাৰ টকা আৰু মেন অফ দ্যা চিৰিজ লাভ কৰা খেলুৱৈক ৫,০০০ হাজাৰ টকা প্ৰদান কৰা হ’ব ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা