উপ-ৰাষ্ট্ৰপতিয়ে ৰাজশ্ৰী বিৰলাক প্ৰদান কৰিলে লাল বাহাদুৰ শাস্ত্ৰী বঁটা
নতুন দিল্লী,০১ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মঙলবাৰে উপ-ৰাষ্ট্ৰপতি এনক্লেভত আদিত্য বিৰলা চেণ্টাৰ ফৰ কমিউনিটি ইনিচিয়েটিভছ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ অধ্যক্ষ ৰাজশ্ৰী বিৰলাক ২৫ সংখ্যক লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় উৎকৰ্ষ বঁটা, ২০২৪ প্ৰদান ক
উপ-ৰাষ্ট্ৰপতিয়ে ৰাজশ্ৰী বিৰলাক প্ৰদান কৰিলে লাল বাহাদুৰ শাস্ত্ৰী বঁটা


নতুন দিল্লী,০১ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মঙলবাৰে উপ-ৰাষ্ট্ৰপতি এনক্লেভত আদিত্য বিৰলা চেণ্টাৰ ফৰ কমিউনিটি ইনিচিয়েটিভছ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ অধ্যক্ষ ৰাজশ্ৰী বিৰলাক ২৫ সংখ্যক লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় উৎকৰ্ষ বঁটা, ২০২৪ প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত তিনিটা দশক ধৰি ৰাজশ্ৰী বিৰলাই বিভিন্ন ধৰণৰ শিক্ষা আৰু স্বাস্থ্যসেৱাত মানৱতাৰ সেৱা আগবঢ়াই আহিছে।

তেওঁ কয় যে লাল বাহাদুৰ শাস্ত্ৰীৰ নাম শুনিলেই মনলৈ দেশপ্ৰেম আহে। শাস্ত্ৰী জীয়ে জনসেৱাৰ সংজ্ঞা দিছে। তেওঁ আছিল আত্মত্যাগৰ প্ৰতীক। শাস্ত্ৰী জীয়ে শিক্ষাৰ নহয়, আচৰণ আৰু ব্যৱহাৰৰ উদাহৰণ দাঙি ধৰে। কিছুমান ব্যক্তিত্বৰ কোনো ধৰণৰ ইভেণ্ট মেনেজমেণ্ট বা প্ৰণালীবদ্ধ অভিনয়ৰ প্ৰয়োজন নাই। আমাৰ স্মৃতিত জীয়াই থাকে। তেওঁলোকে আমাক পথ প্ৰদৰ্শন কৰে, অনুপ্ৰাণিত কৰে। আমি যেতিয়া ভোকৰ সংকটৰ সন্মুখীন হৈছিলো, তেতিয়া সমগ্ৰ দেশ তেওঁৰ লগত থিয় দিছিল। ফোন কৰি মানুহৰ অংশগ্ৰহণক উৎসাহিত কৰা প্ৰথমজন ব্যক্তি। তেওঁৰ এই আহ্বান কেৱল আহ্বান নাছিল, বৰঞ্চ সমসাময়িক পৰিস্থিতিৰ পৰাই উদ্ভৱ হৈছিল, কল্পনাতীত মাত্ৰাৰ ভাবুকি আছিল। কল্পনা কৰকচোন, তেওঁ কেনে পৰিস্থিতিত দায়িত্ব গ্ৰহণ কৰিছিল যিটো তেওঁহে চম্ভালিব পাৰিছিল!

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি ইভেণ্ট মেনেজমেণ্টৰ এনে এটা সময়ত বাস কৰিছো, য’ত এজন ব্যক্তিক এনে পেৰামিটাৰৰ ভিত্তিত সন্মান জনোৱা হয় যিবোৰ আচৰিত ধৰণৰ। ৰাজহুৱা স্থানত মানুহক এনে এটা স্তৰলৈ উন্নীত কৰা হয় যে হজম কৰাটো কঠিন হৈ পৰে। কিন্তু শেহতীয়া বছৰবোৰত এটা বিশেষ পৰিৱৰ্তন হৈছে। যেনে পদ্ম বঁটা প্ৰাপ্য সকলক দিয়া হৈছে। ইয়াৰ বাবেই এই বঁটাৰ বিশ্বাসযোগ্যতা আৰু অধিক বৃদ্ধি পাইছে। এই বঁটাও আহিছে একেটা ধাৰাত । এই মুহূৰ্তটো মোৰ স্মৃতিত সদায় থাকিব, যে মই মানৱতাৰ এজন মহান ব্যক্তিক সন্মান জনাইছো, আৰু এই বঁটাটো গ্ৰহটোৰ এজন উত্তম পুত্ৰৰ বাবে এক পদক – যাৰ স্মৃতি কেতিয়াও ম্লান নহ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande