ভৰিৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই দিয়া হ’ল গুলী, চিকিৎসকক ধন্যবাদ জনায় গোবিন্দাই
মুম্বাই, ১ অক্টোবৰ (হি.স.)। মঙলবাৰে পুৱা জুহুৰ নিজ বাসগৃহত হঠাৎ নিজৰ অনুজ্ঞাপত্ৰ থাকা ৰিভলভাৰৰ গুলী দুৰ্ঘটনাৱশত নিজ ভৰিত লাগি আহত হোৱা জনপ্ৰিয় অভিনেতা গোবিন্দা সম্প্ৰতি বিপদমুক্ত। ভৰিত গুলী লগাৰ লগে লগে জনপ্ৰিয় অভিনেতা গৰাকীক মুম্বাইৰ এখন চিকিৎসাল
অভিনেতা গোবিন্দ


মুম্বাই, ১ অক্টোবৰ (হি.স.)। মঙলবাৰে পুৱা জুহুৰ নিজ বাসগৃহত হঠাৎ নিজৰ অনুজ্ঞাপত্ৰ থাকা ৰিভলভাৰৰ গুলী দুৰ্ঘটনাৱশত নিজ ভৰিত লাগি আহত হোৱা জনপ্ৰিয় অভিনেতা গোবিন্দা সম্প্ৰতি বিপদমুক্ত। ভৰিত গুলী লগাৰ লগে লগে জনপ্ৰিয় অভিনেতা গৰাকীক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰা হৈছে আৰু গুলীটো উলিয়াই দিয়া হৈছে। চিকিতসাধীন গোবিন্দাই হস্পাতালৰ পৰায়ে তেওঁ চিকিতসকক ধন্যবাদ জনোৱাৰ লগতে নিজৰ অনুৰাগী সকললৈ এক ভইচ মেছেজো প্ৰদান কৰে আৰু তেওঁ সুকলমে থকা বুলি জনায়।

জানিব পৰা অনুসৰি গোবিন্দাই কলকাতালৈ যাবলৈ সাজু হৈছিল। ৰাতিপুৱা তেওঁ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভালভাৰটো আলমাৰীত ৰাখি থাকোঁতে হাতৰ পৰা ৰিভলভাৰটো পৰি দুৰ্ঘটনাৱশত গুলীয়ে ভৰিত খুন্দা মাৰে। চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছত গুলীটো আঁতৰাই দিয়া হৈছে আৰু তেওঁ সম্প্ৰতি সুস্থ হৈ আছে। তেওঁৰ মেনেজাৰ শশী সিনহাই জনাইছে যে তেওঁ বৰ্তমান চিকিৎসালয়ত আছে।

এই ঘটনাৰ সন্দৰ্ভত গোবিন্দাই হস্পাতালৰ পৰায়ে কয় যে আপোনালোক সকলোৰে আশীৰ্বাদত মই ভালেই আছো। ভূলৱশত এটা গুলী ভৰিত লাগিছিল, যিটো গুলী অপাৰেচনৰ পিছত আঁতৰাই দিয়া হৈছে। চিকিৎসক আৰু আপোনালোক সকলোকে আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে ধন্যবাদ।

গোবিন্দৰ কন্যা টিনা আহুজাই পিতৃৰ অৱস্থাৰ বিষয়ে তথ্য দিলে। তেওঁ ক’লে যে মই বৰ্তমান দেউতাৰ লগত আই চি ইউত আছো। মই এতিয়া বেছি ক'ব নোৱাৰো... কিন্তু তেওঁ এতিয়া ভালেই আছে। গুলীবিদ্ধ হোৱাৰ পিছত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়, যিটো সফল হয়। টিনা আহুজাই কয় যে ডাক্তৰে সকলো টেষ্ট কৰিছে, তেওঁলোকৰ ৰিপৰ্ট ভাল।

ঘটনাৰ পিছতে আৰক্ষীয়ে গোবিন্দৰ বাসগৃহত উপস্থিত হৈ ঘটনাস্থলীৰ বুজ লয় আৰু অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande