
কাঠমাণ্ডু, ১৬ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ ৰাছুৱাত চিলিমে জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে চাৰিটা মৃতদেহ। বুধবাৰে এটা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে সুৰংগটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহকেইটা।
চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত সশস্ত্ৰ আৰক্ষী পৰিদৰ্শক বকিল বাহাদুৰ ধনুকে এই কথা নিশ্চিত কৰিছে।
২৬ আগষ্টত ৰাছুৱাৰ ভোটেকোছি নদীত হোৱা বিধ্বংসী বানে চিলিমেকে ধৰি কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ ক্ষতিসাধন কৰে। বানত সন্ধানহীন হৈ পৰে প্ৰকল্পসমূহত কৰ্মৰত কেইবাজনো শ্ৰমিক-কৰ্মচাৰী। চিলিমে প্ৰজেক্টৰ পাৱাৰহাউছ আৰু গেটত কৰ্মৰত ছয়জন শ্ৰমিক এতিয়াও সন্ধানহীন। আশংকা কৰা হৈছিল যে তেওঁলোক প্ৰকল্পটোৰ ভিতৰত আবদ্ধ হৈ আছে।
সুৰংগটোৰ ভিতৰত মানুহ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰি নেপাল সেনা আৰু সশস্ত্ৰ আৰক্ষীৰ ১১ জনীয়া এটা দলে অনুসন্ধান আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছিল। বিধ্বংসী বানপানীৰ পিছত বিভিন্ন জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত মানুহ আবদ্ধ হৈ পৰাৰ আশংকাত নিৰন্তৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া