দৰং আৰক্ষীৰ দুটা পিস্তল সহ আটক ডকাইতৰ দল
দৰং, ১৬ ছেপ্টেম্বৰ (হি.স.)। দৰং আৰক্ষীয়ে দুটা পিস্তল সহ আটক কৰিছে এটা ডকাইতৰ দল । দৰং তথা শ্যামপুৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা ডকাইতৰ দল আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ছিপাঝাৰ, দলগাঁও আৰু শ্যামপুৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ
দৰং আৰক্ষীৰ দুটা পিস্তল সহ আটক ডকাইতৰ দল


দৰং, ১৬ ছেপ্টেম্বৰ (হি.স.)। দৰং আৰক্ষীয়ে দুটা পিস্তল সহ আটক কৰিছে এটা ডকাইতৰ দল ।

দৰং তথা শ্যামপুৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা ডকাইতৰ দল আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

ছিপাঝাৰ, দলগাঁও আৰু শ্যামপুৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩ নং শ্যামপুৰৰ আকাশ আলিৰ ঘৰত লুকাই থকা অৱস্থাত আটক কৰে ডকাইতৰ দলটো।

আটকাধীন ডকাইত কেইটা ক্ৰমে ছেখ ফৰিদ, ছেখ ফৰিদ, আনচাৰ আলি, জাভেদ আলি, হাছান আলি বুলি জানিব পৰা গৈছে ।

লগতে হস্ত নিৰ্মিত পিষ্টল সহ বহু মাৰণাস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande