
কামৰূপ, ১৬ ছেপ্তেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ছমৰীয়া সমিষ্টিৰ অন্তৰ্গত টুপামাৰীত পুনৰ ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে।বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত টুপামাৰী আৰু নগৰবেৰা আৰক্ষীয়ে যোৱা নিশা ১ নং টুপামাৰী আৰু ৰংগেশ্বৰী পাম গাঁৱত চলোৱা অভিযানত হানিফ আলী,মমিন আলী আৰু ৰফিকুল ইছলাম নামৰ তিনিটা ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
অভিযানত নগদ ৭ লাখ ২৫ হাজাৰ ৮৫০ টকা জব্দ কৰে আৰক্ষীয়ে৷আৰক্ষীয়ে অভিযুক্ত ৰফিকুল ইছলামৰ ঘৰৰপৰা বিভিন্ন বেংকৰ ৬৯ টা পাছবুক,৬৩ টা এ টি এম কাৰ্ড,বন্দৱস্তী পত্ৰৰ লগতে বেংক সম্পৰ্কীয় বিভিন্ন নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়৷ধৃত তিনিজনৰ হানিফ আলী আৰু ৰফিকুল ইছলাম CSP ৰ স্বত্বাধিকাৰী আৰু মমিন আলী দেওবাৰে অভিযান চলোৱা ছানোৱাৰ হুছেইনৰ সহযোগী বুলি জানিব পৰা গৈছে৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ৰফিকুল ইছলাম ছাইবাৰ অপৰাধৰ লগতে অনলাইন গেমিংত জড়িত৷তেওঁৰ মবাইলত থকা গেমিং এপৰ জৰিয়তে প্ৰায় ৩ লাখ ৮৭ হাজাৰ ৪৯৯ টকাৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।অৱশ্যে পৰিয়ালৰ লোকে দাবী কৰা মতে ধৃত হানিফ আলী আৰু ৰফিকুল ইছলাম ছাইবাৰ চক্ৰৰে জড়িত নহয়।
CSP ব্যৱসায়ৰ সৈতে জৰিত দুয়োজনকে ষড়যন্ত্ৰমূলভাৱে ফচোৱা হৈছে৷সমগ্ৰ ঘটনাৰ নীৰপেক্ষ তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে।উল্লেখ্য যে ইয়াৰপূৰ্বেও আৰক্ষীয়ে ১১ ছেপ্টেম্বৰৰ নিশা টুপামাৰীত অভিযান চলাই ছাইবাৰ অপৰাধী আব্দুল কাদেৰ জিলানী,আব্দুৰ ৰহিম আৰু ছাজিদুল হকক গ্ৰেপ্তাৰ কৰিছে৷১৪ ছেপ্টেম্বৰৰ পুৱতি নিশা টুপামাৰীৰে আন এগৰাকী ছাইবাৰ অপৰাধী ছানোৱাৰৰ ঘৰত অভিযান চলায় যদিও তেওঁ পলাই সাৰিবলৈ সক্ষম হয়৷অৱশ্যে আৰক্ষীয়ে ছানোৱাৰ হুছেইনৰ পত্নী ছাহেদা আহমেদক গ্ৰেপ্তাৰ কৰাৰ লগতে ছানোৱাৰ হুছেইনৰ ঘৰৰপৰা নগদ ৯৩ লক্ষাধিক টকা,বুজন পৰিমাণৰ সোণৰ আ-অলংকাৰ আৰু বেংক সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল।যিয়েই নহওঁক টুপামাৰী অঞ্চলত ছাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ