আমেৰিকাত সংঘটিত বাছ দুৰ্ঘটনা কভাৰ কৰি থকা অৱস্থাত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজনৰ মৃত্যু
লছ এঞ্জেলছ, ১৬ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ লছ এঞ্জেলছত মঙলবাৰে সন্ধিয়া এনবিচি৪ নিউজৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনে অঞ্চলটোত সংঘটিত বাছ দুৰ্ঘটনাক সামৰি লৈছিল। এই দুৰ্ঘটনাত ফটো সাংবাদিক ইলিয়ানা মৰেনো আৰু পাইলট জৰ্জ মাৰ্চিনিভকে
हादसे पूर्व एनबीसी4 की फोटो जर्नलिस्ट एलियाना मोरेनो और पायलट जॉर्ज मार्सिनिव की तस्वीर


লছ এঞ্জেলছ, ১৬ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ লছ এঞ্জেলছত মঙলবাৰে সন্ধিয়া এনবিচি৪ নিউজৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনে অঞ্চলটোত সংঘটিত বাছ দুৰ্ঘটনাক সামৰি লৈছিল। এই দুৰ্ঘটনাত ফটো সাংবাদিক ইলিয়ানা মৰেনো আৰু পাইলট জৰ্জ মাৰ্চিনিভকে ধৰি তিনিজন লোক নিহত হয়।

লছ এঞ্জেলছৰ ছান ফাৰ্নাণ্ডো ভেলীৰ চেটছৱৰ্থ অঞ্চলৰ এটা ছেল্ফ ষ্ট’ৰেজ ফেচিলিটিৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। লছ এঞ্জেলছ অগ্নিনিৰ্বাপক বাহিনী (এল এ এফ ডি)ৰ মতে, এই দুৰ্ঘটনাটোৰ খবৰ পোৱা গৈছে ৭ পি.এম. মঙ্গলবাৰ। নৰ্ডহফ ষ্ট্ৰীটত লছ এঞ্জেলছৰ মেট্ৰ’ বাছে এখন যাত্ৰীবাহী বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি বিয়লি প্ৰায় ৫:০৩ বজাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। ঘটনাস্থলীত কেইবাখনো নিউজ হেলিকপ্টাৰ আৰু সাংবাদিক উপস্থিত হৈ দুৰ্ঘটনাটোৰ বাতৰি পৰিৱেশন কৰিছিল। ইফালে এনবিচিৰ এখন হেলিকপ্টাৰৰ সৈতে যোগাযোগ হেৰাই যায়।

এনবিচিৰ এংকৰ কলিন উইলিয়ামছে অন এয়াৰত নিশ্চিত কৰিছে যে ষ্টেচনটোৱে নিজৰ নিউজ হেলিকপ্টাৰত থকা লোকসকলৰ সৈতে যোগাযোগ হেৰুৱাৰ তথ্য লাভ কৰিছে। অলপ পিছতে ষ্টেচনে নিশ্চিত কৰে যে হেলিকপ্টাৰখন চেটছৱৰ্থত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

এনবিচি লছ এঞ্জেলছে হেলিকপ্টাৰখনত থকা লোক দুজনক ইলিয়ানা মৰেনো আৰু জৰ্জ মাৰ্চিনিভ বুলি চিনাক্ত কৰিছে।

মৰেনো এঞ্জেল চিটি এয়াৰৰ কৰ্মচাৰী আছিল আৰু এনবিচি আৰু ইয়াৰ স্পেনিছ ভাষাৰ ভগ্নী ষ্টেচন টেলিমুণ্ডো ৫২ৰ বাবে আকাশী ফটো সাংবাদিক হিচাপে কাম কৰিছিল।পাইলট জৰ্জ মাৰ্চিনিভও দক্ষিণ কেলিফৰ্ণিয়াৰ আছিল আৰু বাৰ্বাংক হাইস্কুলত পঢ়িছিল।

এনবিচি৪ আৰু টেলিমুণ্ডো ৫২ এ যৌথ বিবৃতিযোগে মৃতকৰ পৰিয়াল, বন্ধু-বান্ধৱী, সহকৰ্মীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। এল এ এফ ডিৰ বিষয়াসকলে জনোৱা মতে, হেলিকপ্টাৰ দুৰ্ঘটনাত মুঠ তিনিজন লোকৰ মৃত্যু হয়, ইয়াৰে এজনক বিমানে খুন্দা মাৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ বেটেলিয়নৰ মুৰব্বী ৰিকো এ গ্ৰছে জনোৱা মতে, আন দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ অৱস্থাৰ সবিশেষ তৎক্ষণাত পোৱা নগ’ল। দুৰ্ঘটনাটোৰ পিছতে হেলিকপ্টাৰখনত অগ্নিকাণ্ড সংঘটিত হৈ ওচৰৰ বাহনসমূহলৈ বিয়পি পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ঘটনাস্থলীত কেইবাখনো বাহন আৰু ষ্ট’ৰেজ কণ্টেইনাৰও ক্ষতিগ্ৰস্ত হয়।

এজন প্ৰত্যক্ষদৰ্শীয়ে পত্নী আলয়নাৰ সৈতে গাড়ী চলোৱাৰ কথা জনাইছে যেতিয়া তেওঁলোকে হেলিকপ্টাৰখন অস্বাভাৱিকভাৱে কম উচ্চতাত উৰি থকা দেখিছিল। হেলিকপ্টাৰখনৰ উচ্চতা লাহে লাহে কমি যোৱা দেখাৰ খবৰ দিয়ে। অলপ পিছতে তেওঁলোকে ইয়াক জুইৰ শিখাৰে আগুৰি থকা দেখি সেই স্থানৰ ওচৰতে ৰৈ গ’ল। ধ্বংসাৱশেষৰ ওচৰত পৰি থকা এজন লোকক দেখাৰ লগতে আন কিছুমানে আতংকিত হৈ চিঞৰি থকা বুলি জনায়।

হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিষয়াসকলৰ মতে, ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ড (এনটিএছবি) আৰু ফেডাৰেল এভিয়েশন প্ৰশাসনে (এফএএ) এই দুৰ্ঘটনাৰ তদন্ত কৰিব।

এঞ্জেল চিটি এয়াৰৰ দ্বাৰা পৰিচালিত হৈছিল এই হেলিকপ্টাৰখন। কোম্পানীটোৱে নিজকে সম্পূৰ্ণ সেৱা প্ৰদান কৰা এৰিয়েল প্ৰডাকচন কোম্পানী বুলি বৰ্ণনা কৰিছে।

মঙলবাৰে নিশা সেই স্থানৰ ওচৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে এই দিনটোক চহৰখনৰ বাবে গভীৰ দুখৰ দিন বুলি অভিহিত কৰে। বাছ দুৰ্ঘটনা আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি উদ্ধাৰ কৰ্মীৰ ক্ষীপ্ৰ কাৰ্য্যক প্ৰশংসা কৰে। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমেও শোক প্ৰকাশ কৰি উদ্ধাৰকাৰীসকলক ধন্যবাদ জনায় আৰু নিহতসকল, তেওঁলোকৰ পৰিয়াল আৰু এনবিচি৪ৰ দলটোক সমবেদনা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande