দিল্লীত চিএনজি প্ৰতি কিলোগ্ৰামত ৩.৮৯ ব্যয়বহুল, নতুন হাৰ কাৰ্যকৰী
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত সংকোচিত প্ৰাকৃতিক গেছ (চিএনজি)ৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩.৮৯ টকা বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ লগে লগে দিল্লীত চিএনজিৰ মূল্য এতিয়া প্
सीएनजी स्टेशन का प्रतीकात्मक चित्र


নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত সংকোচিত প্ৰাকৃতিক গেছ (চিএনজি)ৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩.৮৯ টকা বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ লগে লগে দিল্লীত চিএনজিৰ মূল্য এতিয়া প্ৰতি কেজিত ₹৮৬.৯৮ টকা হৈছেগৈ। শনিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ল এই নতুন ৰেট।

ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে প্ৰকাশ কৰা এক বিবৃতিত ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩.৮৯ ₹ বৃদ্ধি কৰা হৈছে। দিল্লীত ইয়াৰ নতুন মূল্য এতিয়া প্ৰতি কেজিত ₹৮৬.৯৮ হৈছে। পূৰ্বে প্ৰতি কেজিৰ মূল্য আছিল ₹৮৩.০৯। ইফালে নয়ডা আৰু গাজিয়াবাদত চিএনজিৰ নতুন হাৰ প্ৰতি কেজিত ₹৯৫.৫৯ হৈছে।

এই বৃদ্ধিৰ পিছত উত্তৰ প্ৰদেশৰ ছামলী আৰু মেৰুটত চিএনজিৰ নতুন মূল্য প্ৰতি কেজিত ₹৯৫.৪৭ হ’ল। গুৰুগ্ৰামত এতিয়া ইয়াৰ দাম প্ৰতি কেজিত ₹৯২.০১। হাৰিয়ানাৰ ৰেৱাৰীত নতুন মূল্য হৈছে ₹৯১.৫৯ প্ৰতি কেজি।

আই জি এলে এক বিবৃতিত কয় যে চি এন জিৰ বাবে প্ৰয়োজনীয় গেছৰ এক বৃহৎ অংশ আমদানিকৃত তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) দ্বাৰা পূৰণ কৰা হয়, যাৰ স্পট বা বৰ্তমানৰ বজাৰ মূল্য মধ্যপ্ৰাচ্যত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে এইবাৰ চিএনজিৰ মূল্য বৃদ্ধিৰ পঞ্চমটো। ইয়াৰ পূৰ্বে আই জি এলে ১০ দিনৰ ভিতৰত চাৰিটা পৰ্যায়ত প্ৰতি কেজিত মুঠ ৬ ₹ মূল্য বৃদ্ধি কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande