
নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতীয় ঔষধ খণ্ডত প্ৰৱেশৰ সুবিধাৰ বাবে আৰ্জেণ্টিনাই বাধা হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই সপ্তাহত বাণিজ্য সচিব ৰাজেশ আগৰৱালাৰ বুয়েনছ আয়াৰ্ছ ভ্ৰমণৰ সময়ত এই বিষয়টোৰ ওপৰত আলোচনা কৰা হয়।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত কয় যে ভাৰতীয় ঔষধ খণ্ডত প্ৰৱেশৰ সুবিধাৰ বাবে আৰ্জেণ্টিনাই বাধা হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰতীয় ঔষধ কোম্পানীসমূহে অধিক সুযোগ লাভ কৰাৰ লগতে আৰ্জেণ্টিনাত গুণগত আৰু সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা উন্নত হ’ব বুলি আশা কৰা হৈছে।
মন্ত্ৰালয়ে কয় যে আৰ্জেণ্টিনাই নিজৰ ঔষধ নিয়ন্ত্ৰণ কাঠামোৰ অধীনত ভাৰতক পৰিশিষ্ট-২ৰ পৰা পৰিশিষ্ট-১লৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু বজাৰত প্ৰৱেশৰ বাধা আৰু অধিক হ্ৰাস কৰাৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই সপ্তাহত বাণিজ্য সচিব ৰাজেশ আগৰৱালাৰ বুয়েনছ আয়াৰ্ছ ভ্ৰমণৰ সময়ত এই বিষয়টো আলোচনা কৰা হৈছিল। ২০২৬ চনৰ ২৪ আগষ্টত বুয়েনছ আয়াৰ্ছৰ পেলাচিঅ’ ছান মাৰ্টিনত অনুষ্ঠিত ভাৰত-আৰ্জেণ্টিনা যুটীয়া বাণিজ্য সমিতিৰ বৈঠকৰ বাবে তেওঁ আৰ্জেণ্টিনা ভ্ৰমণ কৰিছিল। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত বাণিজ্য সচিব ৰাজেশ আগৰৱালা, আৰ্জেণ্টিনাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সম্পৰ্ক সচিব ৰাষ্ট্ৰদূত ফাৰ্নাণ্ডো ব্ৰুনে।
মন্ত্ৰালয়ে কয় যে ২০২৫ চনত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত দ্বিপাক্ষিক বাণিজ্যই ৬.৫ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছিল, যাৰ ফলত বাৰ্ষিক ১৭ শতাংশতকৈ অধিক স্থায়ী বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। খনি, শক্তি, আৰু আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ সুযোগৰ বিষয়েও আলোচনা কৰা হয়। ভাৰত আৰু আৰ্জেণ্টিনাই লিথিয়াম, শক্তি, আৰু কৃষি খণ্ডত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়েও আলোচনা কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া