
ৰিয়েলিটি শ্ব’ ‘বিগ বছ হিন্দী’ নতুন টুইষ্ট আৰু নতুন গেমপ্লেৰে ২০ সংখ্যক ছিজনৰ বাবে ঘূৰি আহিব। জিঅ’হটষ্টাৰ আৰু কালাৰ্ছে মুকলি কৰিছে এই শ্ব’টোৰ অফিচিয়েল ট্ৰেইলাৰ, য’ত ছলমান খানে এই ছিজনৰ আটাইতকৈ ডাঙৰ টুইষ্টটো প্ৰকাশ কৰিছে: ‘এক্সট্ৰা লাইফ’। ট্ৰেইলাৰত ছলমানে প্ৰতিযোগিতাখনৰ মাজভাগত খেলখন থমকি ৰয় আৰু নিজৰ চিগনেচাৰ ষ্টাইলত কয়, বিগ বছত আপুনি এটা অতিৰিক্ত জীৱন পাব, মোৰ প্ৰেম... এটা অতিৰিক্ত জীৱন।
নতুন টুইষ্ট অনুসৰি এইবাৰ ঘৰৰ প্ৰতিজন প্ৰতিযোগীয়ে অতিৰিক্ত সুযোগ লাভ কৰিব। কিন্তু এই জীৱন কেতিয়া, কেনেকৈ আৰু কি পৰিস্থিতিত ব্যৱহাৰ কৰা হ’ব সেই সম্পৰ্কে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই। এই ছিজনৰ অন্যতম ডাঙৰ ছাচপেন্সফুল মুহূৰ্ত হ’ব এইটো। শ্ব’টোৰ ট্ৰেইলাৰে স্পষ্টকৈ বুজাইছে যে প্ৰতিযোগীসকলে ইয়াক নিৰাপদে খেলাটো সহজ নহ’ব। তেওঁলোকে ৰিস্ক লোৱা, কৌশল সলনি কৰা, আৰু এই অতিৰিক্ত সুযোগ সঠিক সময়ত ব্যৱহাৰ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।
২০ সংখ্যক ছিজনৰ ঐতিহাসিক মাইলৰ খুঁটি সন্দৰ্ভত জিঅ’ষ্টাৰৰ হিন্দী আৰু ইংৰাজী মনোৰঞ্জন ব্যৱসায়ৰ মুৰব্বী আলোক জৈনে কয় যে ২০টা ছিজন সম্পূৰ্ণ কৰাটো যিকোনো মনোৰঞ্জন ফ্ৰেঞ্চাইজিৰ বাবে এক ডাঙৰ সফলতা। তেওঁ বুজাই দিলে যে এই বছৰ গেমপ্লেত নতুন স্তৰ আৰু প্ৰত্যাহ্বান সংযোজন কৰা হৈছে, যাৰ ফলত প্ৰতিযোগীসকলে নিজৰ কৌশলৰ ওপৰত অহৰহ পুনৰ চিন্তা কৰিবলৈ বাধ্য হ’ব। ছলমান খানে কয় যে বিগ বছৰ খেলখন প্ৰতি বছৰে সলনি হয়, কিন্তু এইবাৰ খেলাৰ ধৰণো সলনি হ’ব। ‘বিগ বছ হিন্দী ছিজন ২০’ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ অহা ৬ ছেপ্টেম্বৰত জিঅ’হটষ্টাৰ এণ্ড কালাৰছত অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ