
কলকাতা, ৩০ জুলাই (হি.স.)। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক মণি ৰত্নমে সম্প্ৰতি কলকাতাত তেওঁৰ আগন্তুক তামিল ছবিৰ শ্বুটিং কৰি আছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় সেতুপতি আৰু সাই পল্লৱীয়ে। বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ হোৱা এই শ্বুটিং আগন্তুক কেইদিনলৈ চলি থাকিব।
মহাকৰণ (ৰাইটাৰ্চ বিল্ডিং)ৰ সমীপত সাই পল্লৱীক স্কুটী চলাই এটা দৃশ্যৰ চিত্ৰগ্ৰহণ কৰা দেখা গৈছিল । ইয়াৰ পিছতে ধৰ্মতলা ট্ৰাম ডিপোত শ্বুটিং কৰা হয়, য’ত ছাই পল্লৱীয়ে ট্ৰামৰ ভিতৰত শ্বুটিঙত অংশ লয়। শ্বুটিঙৰ সময়ত তেওঁক চাবলৈ আহিছিল বৃহৎ সংখ্যক অনুৰাগীয়ে। অভিনেত্ৰীগৰাকীয়ে হাঁহি হাঁহি তেওঁলোকক সম্ভাষণ জনায়। কুমহাৰতলীত শ্বুটিঙৰ সময়ত অনুৰাগীৰ সৈতে চেলফিৰ বাবেও পোজ দিছিল।
কটকটীয়া নিৰাপত্তাৰ মাজতে প্ৰিন্সেপ ঘাটতো ছবিখন শ্বুটিং কৰা হয়। অনাগত দিনত পাৰ্ক ষ্ট্ৰীটৰ সন্মানীয় অঞ্চলসমূহতো চিত্ৰগ্ৰহণ কৰা হ’ব।
খবৰ অনুসৰি ছবিখনৰ দৃশ্যগ্ৰহণ কলকাতাত প্ৰায় ১০ দিনৰ বাবে কৰা হ’ব।
অস্কাৰ বিজয়ী সুৰকাৰ এ.আৰ. ৰহমানে ছবিখনৰ সংগীত ৰচনা কৰিছে। ইয়াৰ পূৰ্বে মণি ৰত্নমে ২০০৪ চনত অভিষেক বচ্চন, অজয় দেৱগন, বিবেক অবেৰয়, ৰাণী মুখাৰ্জী, কৰীনা কাপুৰ আৰু এছা দেউলে অভিনয় কৰা যুৱা ছবিখনৰ শ্বুটিং কলকাতাত কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া