
শোণিতপুৰ, ২১ জুলাই (হি.স.)। জামুগুৰিহাটৰ কৰতিপাৰত গো–ধনৰ গাত অচিন ৰোগ।
জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱৰ কৃষক ৰাইজৰ গো–ধনৰ গাত দেখা দিছে অচিন ৰোগে। ইতিমধ্যে অচিন ৰোগত গাওঁ খনৰ পাচঁটাৰো অধিক গৰুৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে গাঁওবাসীয়ে। গোধনৰ গাত প্ৰথম অৱস্থাত অত্যন্ত জ্বৰ হোৱাৰ পিছত গোটেই গাতে ফোহা আকৃতিৰ টেমুনা ওলাই।
এইদৰেই অচিন ৰোগত গাঁৱ খনৰ বহু গো–ধন আক্ৰান্ত হৈছে। গাঁওখনৰ লগতে অঞ্চলটোত যাতে এই ৰোগ অধিক সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে পশু চিকিৎসা বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা