







শোণিতপুৰ, ২১ জুলাই (হি.স.) অসম চৰকাৰৰ অধীনস্থ অসম গেছ কোম্পানী লিমিটেড, অইলৰ এক যৌথ প্ৰতিষ্ঠান নর্থ ইষ্ট গ্যাস ডিষ্ট্ৰিবিউশন কোম্পানি লিমিটেডে দৰং, শোণিতপুৰ , বিশ্বনাথ, লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ গ্ৰাহকৰ ঘৰে ঘৰে পাইপ যোগে প্ৰাকৃতিক গেছ যোগান অভিযানৰ আজি তিনি বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক অনাড়ম্বৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ গুণজিত দাস, তেজপুৰ চিকিৎসা মহাবিদ্যালয় অধীক্ষক ডাঃ ৰূপম বুঢ়াগোহাঁই আৰু নর্থ ইষ্ট গ্যাস ডিষ্ট্ৰিবিউশন কোম্পানি লিমিটেড (NORTH EAST GAS DISTRIBUTION COMPANY LIMITED) ৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই কেক কাটি কোম্পানীটোৰ তিনি বছৰ পুৰ্তি উদযাপন কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি গেছ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই সাধাৰণ প্ৰাকৃতিক গেছ তকৈ সুলভ আৰু যোৱা সময় চোৱাত দৰং আৰু শোণিতপুৰৰ আঢ়ৈ হাজাৰ গ্ৰাহকৰ ঘৰত পাইপ যোগে গেছ সংযোগ দিয়াৰ কথা সদৰি কৰে আৰু ইতিমধ্য শোণিতপুৰত দুটা চি এনে জি ষ্টেশ্যনৰ জৰিয়তে সেৱা আগবঢ়াই থকাৰ লগতে আৰু তিনিটা চি এনে জি ষ্টেশ্যন স্থাপন অচিৰেই কাৰ্যক্ষম হৈ উঠিব বুলি সদৰি কৰে। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ গুণজিত দাসে প্ৰাকৃতিক গেছ চিলিণ্ডাৰৰ নাটনিৰ সময়ত NORTH EAST GAS DISTRIBUTION COMPANY LIMITED পাইপ যোগে প্ৰাকৃতিক গেছ যোগানৰ পৰিকল্পনাক আদৰণি জনায় আৰু এই সেৱাৰ অধীনত তেজপুৰ চিকিৎসা মহাবিদ্যালয় সামৰি লোৱাৰ পৰিকল্পনা যুগুত কৰিবলৈ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাৰ প্ৰতি আহ্বান জনায়।
ইয়াৰ পিছতেই কোম্পানীৰ তৰফৰ পৰা চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰসূতি বিভাগৰ ৰোগী সকলৰ মাজত ফল মূলৰ পেকেট বিতৰণ কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ গুণজিত দাস, তেজপুৰ চিকিৎসা মহাবিদ্যালয় অধীক্ষক ডাঃ ৰূপম বুঢ়াগোহাঁই আৰু নর্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশন কোম্পানি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ