নলবাৰীৰ সোনপুৰত এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে মহিলাৰ ৰণচণ্ডী ৰূপ
নলবাৰীৰ সোনপুৰত এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে মহিলাৰ ৰণচণ্ডী ৰুপ৷
নলবাৰীৰ সোনপুৰত এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে মহিলাৰ ৰণচণ্ডী ৰূপ


নলবাৰী ২১ জুলাই (হি.স.): নলবাৰীৰ সোনপুৰত এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে মহিলাসকল। যোৱা কালি সোমবাৰে সন্ধিয়া মহিলাসকলে ৰণচণ্ডী ৰূূূূূূূূূূূূূূূূূূূূপ ধাৰণ কৰি ড্ৰাগছ বিৰোধী অভাযানচলাক। ৷দীৰ্ঘদিনৰ পৰা সোনপুৰৰ অ'লিয়ে গ'লিয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উঠিছিল ৷ ইয়াৰ পিছত সোনপুৰৰ মহিলা সমিতিয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল

যোৱা কালি সন্ধিয়া সোমবাৰে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত এগৰাকী ড্ৰাগছ সৰবৰহকাৰী যুবকক কৰায়ত্ত কৰে সোণপুৰৰ জাগ্ৰত মহিলা সকলে । সৰবৰাহ কাৰীজন নলবাৰীৰ ইছলাম চুপাৰ ৰাজু বুলি জানিব পৰা গৈছে । ৰাজু আলিৰ পৰা পাঁচটা কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে সোনপুৰৰ বিনয় দাসৰ বাসগৃহৰ পৰা ড্ৰাগছৰ সৰবৰাহ হোৱাৰ অভিযোগ কৰে সোনপুৰ মহিলা সমিতিয়ে ৷ বৰ্তমান নলবাৰী সদৰ আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী যুবক জনক ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande