অসমীয়া নৃত্যৰে বিদেশৰ ৰাজপথত অসমীয়া গিৰি এগৰাকী অসমীয়া বোৱাৰীৰ
নলবাৰী, ২১ জুলাই (হি.স.)। বিদেশৰ ৰাজপথত অসমীয়া নৃত্য পৰিবেশন কৰি অসমীয়া গিৰি দেখুৱাই চৰ্চালৈ আহিল এগৰাকী অসমীয়া বোৱাৰী । বোৱাৰী গৰাকীয়ে লণ্ডনৰ ৰাজপথত পৰিবেশন কৰা অসমীয়া নৃত্যই ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক সমাদৰ লাভ কৰিছে । টিহুৰ মাখিবাহাৰ জ
অসমীয়া নৃত্যৰে বিদেশৰ ৰাজপথত অসমীয়া গিৰি এগৰাকী অসমীয়া বোৱাৰীৰ


নলবাৰী, ২১ জুলাই (হি.স.)। বিদেশৰ ৰাজপথত অসমীয়া নৃত্য পৰিবেশন কৰি অসমীয়া গিৰি দেখুৱাই চৰ্চালৈ আহিল এগৰাকী অসমীয়া বোৱাৰী । বোৱাৰী গৰাকীয়ে লণ্ডনৰ ৰাজপথত পৰিবেশন কৰা অসমীয়া নৃত্যই ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক সমাদৰ লাভ কৰিছে ।

টিহুৰ মাখিবাহাৰ জীয়ৰী আৰু নলবাৰী তথা বৰ্তমান গুৱাহাটীৰ বোৱাৰী সংগীতা দেৱীৰ এনে অসমীয়া গিৰিক বিভিন্ন জনে প্ৰসংশা কৰিছে । ইয়াৰ পূৰ্বেও পেৰিছৰ আইফেল টাৱাৰ, ইটালী, ফ্ৰান্স আদিৰ ৰাজপথত অসমীয়া নৃত্য পৰিৱেশন কৰি অসমীয়াগিৰি দেখুৱাইছিল সংগীতাই । ছাত্ৰী অৱস্থাৰ পৰাই নৃত্য কৰি ভাল পোৱা সংগীতাই বিভিন্ন ঠাইত নৃত্য প্ৰতিযোগিতাত অংশ লৈ পুৰস্কাৰ লাভ কৰিছিল । মাখিবাহাৰ প্ৰয়াত সংস্কৃত পণ্ডিত অনন্ত নাথ দেৱ শৰ্মা আৰু ননী দেৱীৰ জীয়ৰী আৰু নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ দণ্ডধৰ চক্ৰৱৰ্তী আৰু অলকা চক্ৰৱৰ্তীৰ বোৱাৰী তথা নীলমণি চক্ৰৱৰ্তীৰ পত্নী সংগীতা দেৱীয়ে পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণলৈ গৈ এইদৰে লণ্ডনৰ দৰে ঠাইত অসমীয়া নৃত্য পৰিবেশন কৰি অসমীয়া প্ৰীতি দেখুৱাই দিয়াত এতিয়া ব্যাপক চৰ্চা হৈছে । সংগীতাৰ এনে অসমীয়া প্ৰীতিক সকলোৱে প্ৰসংশা কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande