
তামুলপুৰ, ২১ জুলাই (হি.স.)। নিৰ্মীয়মান তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মানকাৰ্য পৰিদৰ্শন অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ ।
তামুলপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ
নিৰ্মানৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকী। নিৰ্মান কৰি থকা প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলক নিখূট ভাৱে নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে।
প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা চিকিৎসালয় খনৰ
অহা দুই তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথা সদৰী মন্ত্ৰী গৰাকীৰ। শীঘ্ৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা