ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো বানৰ বিভীষিকা
ডিব্ৰুগড়, ২১ জুলাই (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো বানৰ বিভীষিকা। বুঢ়ীদিহিং আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে এতিয়া কালৰূপ ধাৰণ কৰিছে। ক্ৰমাৎ বিপদসীমাৰ ওপৰলৈ উঠিছে নৈ দুখনৰ জলপৃষ্ঠ আৰু ফেনে-ফুটুকাৰে বাঢ়ি অহা পানীৰ কৱলত এতিয়া টিংখাঙৰ কেই
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো বানৰ বিভীষিকা


ডিব্ৰুগড়, ২১ জুলাই (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো বানৰ বিভীষিকা। বুঢ়ীদিহিং আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে এতিয়া কালৰূপ ধাৰণ কৰিছে। ক্ৰমাৎ বিপদসীমাৰ ওপৰলৈ উঠিছে নৈ দুখনৰ জলপৃষ্ঠ আৰু ফেনে-ফুটুকাৰে বাঢ়ি অহা পানীৰ কৱলত এতিয়া টিংখাঙৰ কেইবাখনো গাঁও।

বৰ্তমান টিংখাঙৰ দিচাং-ৰংচোৱাল, চেঁচা নেপালী, ২ নং শলগুৰি আৰু ২ নং ভৰালীবাৰী কলিতা গাঁৱত বানৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই গাঁওকেইখনৰ প্ৰায় ১০০ৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে। ঘৰ-দুৱাৰ, খেতি-পথাৰ বানে বুৰাই পেলোৱাত নিৰাপদ আশ্ৰয়ৰ সন্ধানত বানাক্ৰান্ত ৰাইজে পশুধনৰ সৈতে ওখ স্থান অথবা মথাউৰিৰ ওপৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে।

আনহাতে, পশুধন এৰি যাব নোৱাৰি বহু লোকে পানীৰ মাজতে ঘৰৰ ভিতৰতে চাং পাতি বিপদসংকুলভাৱে দিন অতিবাহিত কৰিছে। বান বিধ্বস্ত অঞ্চলসমূহত খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ তীব্ৰ সংকটৰ সৃষ্টি হৈছে যদিও প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে পৰ্যাপ্ত সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্দশাগ্ৰস্ত ৰাইজে শীঘ্ৰে চৰকাৰ আৰু জিলা প্ৰশাসনৰ হস্তক্ষেপ তথা সাহায্যৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande