
গোলাঘাট, ২১ জুলাই (হি.স.)। কালি নিশা গোলাঘাটৰ বেঙেনাখোৱা সমীপৰ চিলাৰায়পথত হাতে হাতে জাঠী জোং লৈ ওলাল এইদৰে পুৰুষ মহিলা। উলংগ চোৰ বিচাৰি অভিযান গঞা ৰাইজৰ। নিশাটো বাদেই গোলাঘাটৰ বেঙেনাখোৱা, পুৰণা আমোলাপট্টিৰ দিনতে মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰে। কাৰণ বিগত এসপ্তাহে উলংগ চোৰৰ সন্ত্ৰাস অঞ্চলটোত।
সেয়েহে নিশা এটা বাসগৃহত উলংগ চোৰ সোমাবলৈ চেষ্টা চলাওতে গৃহস্হই হৈ চৈ লগাওতে ওলাই আহিল অঞ্চলটোৰ ৰাইৰ । হাতে হাতে জাঠী জোং লৈ উলংগ চোৰ বিচাৰি চলাথ কৰিলে ৰাইজে। ইফালে গোলাঘাট আৰক্ষীক অৱগত কৰিছে যদিও চোৰ ওলোৱাত ব্যৰ্থ আৰক্ষী। গতিকে আতংকত দিন পাৰ কৰা ৰাইজে একত্ৰিত হৈ চোৰৰ বিৰুদ্ধে অভিযান চলাল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ