শোণিতপুৰৰ বালিপাৰাত গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ বাবে নিৰিক্ষণ ক্ষেত্ৰ ঘোষনা
শোণিতপুৰ, ২১ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিলনী গাও পঞ্চায়তৰ এলেকাৰ চিলনী নেপালী গাৱত বিগত কেইদিনমানৰ পৰা গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ ফলত বহু কেইটা গাহৰিৰ মৃত্যু হোৱাৰ বাবে বালিপৰাৰ ঘোৰামাৰী ব্লক পশু চিক
শোণিতপুৰৰ বালিপাৰাত গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ বাবে নিৰিক্ষণ ক্ষেত্ৰ ঘোষনা


শোণিতপুৰ, ২১ জুলাই (হি.স.)।

শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিলনী গাও পঞ্চায়তৰ এলেকাৰ চিলনী নেপালী গাৱত বিগত কেইদিনমানৰ পৰা গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ ফলত বহু কেইটা গাহৰিৰ মৃত্যু হোৱাৰ বাবে বালিপৰাৰ ঘোৰামাৰী ব্লক পশু চিকিৎসালয়ৰ পত্ৰ মৰ্মে চিলনী গাও পঞ্চায়তৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে।

উক্ত নিৰ্দেশনা অনুসৰি চিলনী নেপালী অঞ্চলৰ ১০ কিলোমিটাৰ এলেকাত কোনো লোকেই গাহৰি ক্ৰয় বিক্ৰয় ,নিৰিক্ষণ ক্ষেত্ৰৰ ভিতৰলৈ বাহিৰলৈ গাহৰি অনা নিয়া আদিৰ কাম পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কৰিব নোৱাৰিব। উল্লেখ্য যে জনসাধাৰণৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটো নিৰিক্ষণ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে বুলি এক জাননী যোগে ঘোষনা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande