গোলাঘাটৰ কমাৰবন্ধা ৰেলৱে গেটৰ সমীপত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পিতা পুত্ৰ
গোলাঘাটৰ কমাৰবন্ধা ৰেলৱে গেটৰ সমীপত সংঘটিত হল এক ভংয়কৰ ঘটনা।
গোলাঘাটৰ কমাৰবন্ধা ৰেলৱে গেটৰ সমীপত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পিতা পুত্ৰ


গোলাঘাট, ২১ জুলাই (হি.স.): গোলাঘাটৰ কমাৰবন্ধা ৰেলৱে গেটৰ সমীপত যোৱা কালি সোমবাৰে নিশা সংঘটিত হল এক ভংয়কৰ ঘটনা। বিদ্যুৎ পৃষ্ট হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হল পিতা পুত্ৰ । বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছে।

জানিব পৰামতে নিশা পথৰ দুৰৱস্থাৰ বাবে এখন টেংকাৰ দুৰ্ঘটনা গ্ৰস্ত হয় । আৰু ঘটনাস্থলীত গোলাঘাটৰ বেঙেনাখোৱাৰ পৰা যোৱা এখন ক্ৰেং য়ে টেংকাৰখন উদ্বাৰ কৰিবলৈ চেষ্টা চলাওতে ক্ৰেংখন পথৰ ওপৰদি যোৱা বিদ্যুৎ বিভাগৰ তাঁৰত লগাত ক্ৰেংখনত থকা পিতা ৰাজু সিং আৰু পুত্ৰ ৰৌচন সিং বিদ্যুৎ পৃষ্ট হৈ চিটিকি পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত প্ৰাপ্ত হয়।

স্থানীয় লোকৰ অভিযোগ, দুৰ্ঘটনা গ্ৰস্ত টেংকাৰখন উদ্বাৰ কৰাৰ পূৰ্বে বিদ্যুৎ বিভাগৰ লোকক বিদ্যুৎ কৰ্তন কৰিবলৈ অনুৰোধ জনাইছিল যদিও দায়িত্বত থকা বিদ্যুৎ বিভাগৰ লোকে কাৰেন্ট কৰ্তন কৰিলো বুলি কৈছিল যদিও কেনেকৈ বিদ্যুৎ পৃষ্ট হৈ পৰিল ক্ৰেংখনত থকা লোক দুজন তাক লৈ প্ৰশ্ন অৱতাৰণা কৰিছে লোকসকলে । বৰ্তমান দুয়োজন গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande