২ নং শিমূলটাপু গাঁৱৰ ৰে'ল লাইনৰ তলত আন্ডাৰপাচ পথটোৰ শোচনীয় অৱস্থা
ৰাইজৰ চৰম দুৰ্ভোগ।
২ নং শিমূলটাপু গাঁৱৰ ৰে'ল লাইনৰ তলত আন্ডাৰপাচ পথটোৰ শোচনীয় অৱস্থা


কোকৰাঝাৰ, ২১ জুলাই (হি.স.)। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ ২ নং শিমূলটাপু গাঁৱৰ ৰে'ল লাইনৰ তলত থকা আন্ডাৰপাচ পথটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে। সামান্য বৰষুণ হ'লেই পথটোত কোমৰসমান পানী জমা হোৱাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হয়। ফলস্বৰূপে গাঁওবাসী, বিশেষকৈ স্কুল-কলেজলৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।

জৰুৰী প্ৰয়োজনে অসুস্থ লোকক চিকিৎসালয়লৈ নিয়াতো সমস্যাৰ সৃষ্টি হৈছে। দু'চকীয়া বাহন, চাইকেল আৰু পথচাৰীয়ে জীৱন বিপন্ন কৰি এই পথ অতিক্ৰম কৰিবলগীয়া হয়। বহু সময়ত বাহন বেয়া হোৱাৰ লগতে দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে, আন্ডাৰপাচটো নিৰ্মাণ কৰাৰ পিছৰে পৰা উপযুক্ত পানী নিষ্কাশনৰ ব্যৱস্থা নকৰাৰ ফলতেই এই সমস্যা বছৰ বছৰ ধৰি চলি আহিছে। বহুবার সংশ্লিষ্ট বিভাগক অৱগত কৰাৰ পিছতো এতিয়ালৈ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

সেয়ে গাঁওবাসীয়ে ৰে'ল বিভাগ, স্থানীয় প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলক অতি শীঘ্ৰে আন্ডাৰপাচটোৰ পানী নিষ্কাশনৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande