
ধুবুৰী, ২১ জুলাই (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটত যোৱা কালি সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই ঘটনাত তীব্ৰ বেগী বাহনৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। বাহনৰ খুন্দাত নিহত লোকজনৰ নাম আনন্দ ৰায় বুলি জানিব পৰা গৈছে । তামাৰহাটৰ উত্তৰ কাচখানা গাঁৱত এই ঘটনা ঘটে ।
প্ৰাপ্ত তথ্যমতে, ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হওঁতে ধুবুৰীৰ পৰা তামাৰহাট অভিমুখে আহি থকা সময়ত খুন্দা মাৰে । মালবাহী মেজিক গাড়ীৰ খুন্দাত নিহত হয় লোকজন । আনন্দ ৰায়ৰ ঘৰ উত্তৰ কাছৰখানা গাঁৱত বুলি কোৱা হৈছে । সাতশেওৰা বজাৰ আহি থকা সময়ত লোকজনক মেজিক গাড়ীখনে খুন্দা মাৰে । মেজিক গাড়ীখন তামাৰহাটত আৰক্ষী আটক কৰিছে । দুৰ্ঘটনা সংঘটিত কৰা মেজিক গাড়ী খনৰ নম্বৰ এএছ ১৫ এচি ৩৪৩৩ বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ