
নলবাৰী, ২১ জুলাই (হি.স.): নলবাৰী জিলাৰ মুকালমুৱাৰ ৪নং বৰতলাত যোৱা কালি সোমবাৰে বিয়লি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, বৰপেটাৰ কাকোদুৱাৰ পৰা আজিজুল আলী আৰু চিতাৰা খানমে গুৱাহাটী অভিমুখে গৈ আছিল। বিপৰীত দিশৰ পৰা অহা সাপকাটা গাঁৱৰ গুলছান আলীয়ে দুচকীয়া বাহন এখনৰে বৰপেটা অভিমুখে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়। ফলত তিনিজন লোক গুৰুতৰভাৱে আহত হয়।স্থানীয় লোকে ততাতৈয়াকৈ আহতসকলক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিতাৰা খানম, আজিজুল আলীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন দুখনৰ নম্বৰ ক্ৰমে এএছ ০১ জিএল ৫২২৭ আৰু এএছ ০১ ইএছ ১৯৮৫ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ