ৰঙিয়াৰ গহণাৰ বিপণীত চুৰিকাণ্ড
কামৰূপ, ২১ জুলাই (হি.স.)। চোৰৰ মৰসাহ নে আৰক্ষীৰ দুৰ্বলতা ? ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীৰ একেবাৰে গাতে লাগি থকা বণিক জুৱেলাৰ্চত নিশা সংঘটিত হৈছে দুঃসাহসিক চুৰিকাণ্ড। নিশা তপন বণিক নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুঃসাহসিক চুৰি কাণ্ড । বণিক জুৱ
ৰঙিয়াৰ গহণাৰ বিপণীত চুৰিকাণ্ড


কামৰূপ, ২১ জুলাই (হি.স.)। চোৰৰ মৰসাহ নে আৰক্ষীৰ দুৰ্বলতা ?

ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীৰ একেবাৰে গাতে লাগি থকা বণিক জুৱেলাৰ্চত নিশা সংঘটিত হৈছে দুঃসাহসিক চুৰিকাণ্ড।

নিশা তপন বণিক নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুঃসাহসিক চুৰি কাণ্ড । বণিক জুৱেলাৰ্চৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰৰ দলে।

সোণ-ৰূপৰ মূল্যৱান গহণা, নগদ ধন লুট কৰি নিয়ে।

এৰি নগল লকাৰটোও ।

তূলসীবাৰী আৰক্ষীক চোৰে প্ৰদৰ্শন কৰা দুঃসাহসিকতাৰ নমুনাই এতিয়া সুৰক্ষা ব্যৱস্থাক লৈ তুলিছে ডাঙৰ প্ৰশ্ন।ঘটনাৰ খবৰ পাই তদন্তৰ বাবে আৰক্ষী উপস্থিত হোৱাৰ পিছত উত্তেজিত একাংশ লোকে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।ৰাইজৰ অভিযোগ— আৰক্ষী চকীৰ কাষতেই যদি চোৰে এনে কাণ্ড সংঘটিত কৰিব পাৰে, তেন্তে সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তি কিমান সুৰক্ষিত?

ইতিমধ্যে চুৰিকাণ্ডৰ আঁৰত থকা চোৰৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ।

ৰাইজৰ দাবী তুলসীবাৰী বজাৰ এলেকাত চিচিটিভি সংস্থাপনৰ লগতে আৰক্ষীয়ে কটকটীয়া কৰক নিৰাপত্তা ব্যাৱস্থা ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande