ৰঙিয়াত পুনৰ সংঘটিত এ টি এম চুুৰিৰ ঘটনা
কামৰূপ, ২১ জুলাই (হি.স.)। ৰঙিয়াত ধাৰাবাহিক চুৰি ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীৰ একপ্ৰকাৰ দুৰ্বলতাৰ সুযোগ লৈ চুৰিকাণ্ড হোৱাটো এক প্ৰতিনিয়ত ঘটনাত পৰিণত হৈছে। আজি ৰঙিয়াৰ এছ বি আই এ টি এম ত চুৰিৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়াৰ ভূটান বাছ আস্থানৰ সমীপত থক
ৰঙিয়াত পুনৰ সংঘটিত এ টি এম চুুৰিৰ ঘটনা


কামৰূপ, ২১ জুলাই (হি.স.)। ৰঙিয়াত ধাৰাবাহিক চুৰি ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীৰ একপ্ৰকাৰ দুৰ্বলতাৰ সুযোগ লৈ চুৰিকাণ্ড হোৱাটো এক প্ৰতিনিয়ত ঘটনাত পৰিণত হৈছে।

আজি ৰঙিয়াৰ এছ বি আই এ টি এম ত চুৰিৰ ঘটনা সংঘটিত হৈছে।

ৰঙিয়াৰ ভূটান বাছ আস্থানৰ সমীপত থকা এটিএম ত চুৰি কৰে চোৰে।

এ টি এম ৰ ভিতৰত থকা কেমেৰাত বোকা মাটি লেপি সংঘটিত কৰিছে চুৰি কাণ্ড। এ টি এম ৰ মনিটৰ ভাঙি চূৰ্ণ বিচুৰ্ণ কৰিছে চোৰে ।নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত অৱশ্যে এ টি এম ৰ পৰা পইচা নিব পাৰিলে নে নোৱাৰিলে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই।

জানিব পৰামতে হেলমেট পৰিধান কৰি চোৰে সোমাইছিল এ টি এম ত। লগতে লগত লৈ আহিছিল এডাল লাঠি।

এই লাঠিৰে আন আন চিচিটিভি সমূহ বেঁকা কৰিবলৈ লাঠি ব্যৱহাৰ কৰিছে চোৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande